মুকাভিনয় প্ৰতিযোগিতা উপভোগ কৰি আপ্লুত হোৱা এগৰাকী শিল্পী। বৰ্তমান তেওঁয়ো এগৰাকী মুকাভিনয় শিল্পী; ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত বজালী মহাবিদ্যালয়ৰ ফালৰ পৰা নাট্যদলৰ সহায়ক হিচাপে অংশগ্ৰহণ কৰিবলৈ সুবিধা অৰ্জন কৰা শৈলেন কাকতি বৰ্তমানৰ নৱপ্ৰজন্মৰ বাবেও এক প্ৰেৰণা। প্ৰথমাৱস্থাত মুকাভিনয়ৰ প্ৰতি আকৰ্ষিত হৈ পিছলৈ এই ক্ষেত্ৰখনৰ সৈতেই জড়িত হৈ পৰা শৈলেন কাকতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পিছলৈ, শিল্পী গৰাকীয়ে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভিন্ন মহোৎসৱত অংশগ্ৰহণ কৰাৰে পৰা আৰম্ভ কৰি সংগীত নাটক একাডেমী সন্মানেৰে সন্মানিত মইনুল হক তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত নিৰঞ্জন গোস্বামীৰ সৈতেও কাম কৰাৰ সুযোগ লাভ কৰে। মূকাভিনয়ৰ ক্ষেত্রত ওস্তাদ বিছমিল্লাহ বটাপ্ৰাপক কুলদীপ পাটগিৰি আৰম্ভণিতে তেখেতৰ মুকাভিনয়ৰ ছাত্র আছিল। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে তেওঁক প্ৰশ্ন কৰা হৈছিল যে “লক-ডাউনে” তেওঁৰ মাজত কি নতুনত্ব আনিলে?” এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “লক-ডাউনৰ আৰম্ভণিতে ভিন্ন অনুভুতি যেনে ধৰা ভয়,শংকা আদিয়ে মোক ব্যতিব্যস্ত কৰি ৰাখিছিল।”
তেওঁ আগলৈ কয় যে, “কিন্তু একাংশ শুভাকাংক্ষীয়ে মোৰ দৰে মানসিক বিভ্ৰান্ত হোৱা শিল্পী বোৰক কিছু সৃষ্টিশীল কামত জড়িত হোৱাৰ বাবে যথেষ্ট উৎসাহ আৰু অনুপ্ৰেৰণা যোগাইছিল। তেওঁলোকৰ উৎসাহ, অনুপ্ৰেৰণাক লগত লৈয়ে মই জন্ম দিছিলো এটা ইউটিউব চেনেল “কলাখাৰ এচামিচ কমেডি”। এই চেনেলটোৰ জৰিয়তে মই সম্প্ৰতি সমাজত চলি থকা গুৰুত্বৰ সমস্যা সমূহক হাস্য-ব্যংগৰ মাজেৰে জনসাধাৰণৰ মাজত উলিয়াই দিয়াৰ লগতে শেহতীয়াকৈ নাট্যকৰ্মী সকলৰ ওপৰত “লক-ডাউনে” যি ঋণাত্মক প্ৰভাৱে পেলালে তাৰেই ভিত্তিত নিৰ্মাণ কৰি উলিয়াইছিলো এখন চুটি ছবি “শৰবিদ্ধ”। ইয়াৰ লগতে মই প্ৰথমগৰাকী অসমীয়া লেফেটেন্ট পাৰ্বতী চৰণ দাসৰ ওপৰত নিৰ্মিত চুটি ছবি “বিস্মৃত নায়ক” কো মোৰ এই চেনেলটোতেই মুকলি কৰিছো। আগন্তুক ২ অক্টোবৰ তাৰিখে ভ্ৰাম্যমাণ থিয়েটাৰৰ মহিৰূহ অচ্যুত লহকৰৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত মোৰ আন এখন চুটি ছবিক মুকলি কৰি দিয়া হ’ব। “লক-ডাউন” ৰ সময়ছোৱাত মোৰ সৃষ্টিক আকোঁৱালি লোৱা দৰ্শকৰ সংখ্যাও আছিল লেখত ল’বলগীয়া; গতিকে দৰ্শকৰ এনে সঁহাৰিক লৈয়ে বৰ্তমান মই কেইবাটাও অন্য কামত জড়িত হৈ আছো।”
অভিনয় আৰু মুকাভিনয়ৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “পাৰ্থক্য আছে বাবেই দুই অভিনয় শৈলীৰ নাম দুটা ভিন্ন। কোনো এজন অভিনেতাই ভাও দিব লগীয়া চৰিত্ৰটোৰ সুখ, আনন্দ, ভাগৰ, মৰম, সহানুভূতি, কষ্ট আদি যি মৌন অভিব্যক্তিৰে তথা কোনো বাক্যৰ উচ্চাৰণ নকৰাকৈ কৰে তাকেই মুকাভিনয় বোলে। কিন্তু অভিনয়ত চৰিত্ৰটোৱে প্ৰয়োজনুসৰি সংলাপ কোৱাৰ স্বাধীনতা থাকে। ভৰত মুনিৰ “নাট্যশাস্ত্ৰ” ত অভিনয়ৰ প্ৰধানত চাৰিটা উপাদান আছে ক্ৰমে আংগিক, বাচিক, শাত্তিক আৰু আহাৰ্য। এই চাৰিটা উপাদানৰ “বাচিক” ভাগটো মুকাভিনয়ৰ ক্ষেত্ৰত সম্পূৰ্ণ বৰ্জিত। কিন্তু অভিনয়ৰ ক্ষেত্ৰত তেনে নহয়।” এইখিনিতে এটা কথা আপোনালোকক জনাই থওঁ যে শৈলেন কাকতি এগৰাকী সুদক্ষ মেজিচিয়ানো।
Add comment