“মোৰ টি.আৰ.পি আছে” উক্ত শাৰীটো চূড়ান্ত আত্মবিশ্বাসৰ সৈতে কোনে ক’লে সেয়া নিশ্চয় আপোনালোকে বুজিব পাৰিছে। চচিয়েল মিডিয়াত এজন অভিনেতাৰ একোটা পোষ্টৰ কমেন্ট কৰা ঠাই টুকুৰাত চাহ-বিস্কুট তথা জলপান লগত লৈ বহিলে বহু দৰ্শক তথা উপভোগকাৰী; যেন কোনো জনপ্ৰিয় ছবিৰ দৰ্শনীহে চলিছে। অভিনেতা গৰাকীৰ অভিনয় বৃত্তিটোৱে তেওঁক ইমানেই অধিক আগ্ৰাসন কৰিলে যে তেওঁৰ অভিনয় এতিয়া কেৱল “ৰীল” নহয় “ৰিয়েল” লাইফতো দেখিবলৈ পোৱা যায়। অভিনেতা গৰাকীক আপোনালোকেও ধৰিব পাৰিছে; তেওঁ হৈছে যতীন বৰা। এসময়ৰ জনসাধাৰণৰ “নায়ক” আৰু সম্প্ৰতি সময়ৰ এগৰাকী “খলনায়ক”; “লোভ-মোহ” নাই বুলি তেওঁ বিভিন্ন সংবাদ মাধ্যমৰ ওচৰত মন্তব্য কৰিছে যদিও আকৌ এবাৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহি থিয়েটাৰ-ছবি কৰাৰো কথা কৈছে। এইখিনিতে, জনসাধাৰণক হতহম্ভ কৰিছে উক্ত অভিনেতা গৰাকীয়ে।

বিগত “কা” আন্দোলনৰ সময়ছোৱাত সামাজিক দায়বদ্ধ এগৰাকী অভিনেতাৰ চৰিত্ৰ ৰূপায়ন কৰা যতীন বৰাই অসম ৰাজ্যিক চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদৰ পৰাও আঁতৰি আহিছিল কিন্তু অৱশেষত পানীত হাঁহ নচৰা হ’ল যতীন বৰাৰ। জনসাধাৰণৰ বিশ্বাসৰ সৈতে হেতালি খেলি আকৌ এবাৰ ৰাজনীতিত সোমালে যদিও পূৰ্বৰ পদ লাভ কৰিবলৈ সক্ষম নহ’ল যতীন বৰা। সুমন হৰিপ্ৰিয়ালৈ উক্ত পদটো যোৱাৰ পিছতেই যতীন বৰাই তেওঁক নিজ ব্যক্তিগত পেজযোগে পোষ্ট কৰি আদৰণি জনালে যদিও সেই পোষ্টটোতেই থকা-সৰকা কৰিলে আকৌ এবাৰ অভিনেতা গৰাকীক। আচলতে, নকৰিবওনো কিয়! ভৰপূৰ টিআৰপিৰে চলি থকা এই অভিনেতা যতীন বৰা।


কিন্তু এতিয়া প্ৰশ্ন হয়; জনসাধাৰণৰ আৱেগ তথা বিশ্বাসৰ সৈতে খেলা এইগৰাকী অভিনেতাৰ ওপৰত পুনৰ বাৰ বিশ্বাসৰ মোহৰ লগাবলৈ কোন আগবাঢ়িব? অহা বৰ্ষত থিয়েটাৰ অথবা ছবি নিৰ্মাণ কৰিলেই হেনো পূৰ্বৰ দৰে আকোঁৱালি লোৱা হ’ব যতীন বৰাক। এয়া কিমান দূৰ সম্ভৱ? আপোনালোকে কি ভাৱে? কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত।
Add comment