Rupaliparda.com
সুশান্তে নালাগে; এইবাৰ নিৰ্মাণ ৰিয়া চক্ৰৱৰ্তীৰ ওপৰতো ছবিঃ 1

সুশান্তে নালাগে; এইবাৰ নিৰ্মাণ ৰিয়া চক্ৰৱৰ্তীৰ ওপৰতো ছবিঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বহু এনে খবৰ আহিছিল য’ত কোৱা হৈছিল যে অভিনেতাগৰাকীৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হ’ব চিনেমা। কিন্তু এতিয়া কেৱল সুশান্তক লৈয়ে নহয়; জনসাধাৰণৰ সহানুভূতি বৃদ্ধি পাইছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক লৈয়ো। একাংশ ছবি নিৰ্মাতা বৰ্তমান প্ৰস্তুত হৈ পৰিছে ৰিয়া চক্ৰৱৰ্তীৰ জীৱনক আধাৰ ৰূপে লৈ একোখন ছবি নিৰ্মাণ কৰাৰ; আচলতে ছবি নিৰ্মাতা সকলে এনে একো চৰ্চিত বিষয় এৰি নিদিয়ে যাৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিব পৰা যায়। ইয়াৰ উপৰিও একাংশ প্লাৱিচিং হাউচেও এতিয়া ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত লিখা একোখন গ্ৰন্থ প্ৰকাশৰ যো-জা কৰিছে। প্লাবিচিং হাউচৰ মতে ৰিয়াই নিজৰ ওপৰত লিখিবলৈ বিচৰা প্ৰতিখন কিতাপতেই নিজ সন্মতি প্ৰদান কৰিব। এতিয়া আচলতে এয়া লক্ষণীয় হ’ব যে অভিনেত্ৰী গৰাকীক লৈ নিৰ্মাণ হ’বলগীয়া যিকোনো প্ৰকল্পই দৰ্শকৰ কেনে অনুভৱ লাভ কৰিব! আপোনালোকক জনাই থওঁ যে, আগন্তুক মাহৰ ৬ তাৰিখলৈ ৰিয়াক ৰখা হ’ব ন্যায়িক জিম্মাত।

সুশান্তে নালাগে; এইবাৰ নিৰ্মাণ ৰিয়া চক্ৰৱৰ্তীৰ ওপৰতো ছবিঃ 2
সুশান্তে নালাগে; এইবাৰ নিৰ্মাণ ৰিয়া চক্ৰৱৰ্তীৰ ওপৰতো ছবিঃ 3


সুশান্ত পিতৃয়ে কেইবাটাও ধাৰাৰ সৈতে ৰিয়াৰ ওপৰত লগোৱা আৰোপৰ সমান্তৰালকৈ ৰিয়াৰ ওপৰত ড্ৰাগছ সৰবৰাহ আৰু সেৱনক লৈও কেইবাটাও আৰোপ লগোৱা হৈছে ৰিয়াৰ ওপৰত। উল্লেখ্য যে, আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ পৰা আদি কৰি সুশান্তৰ পৰা ৰিয়াই ১৫ কোটি টকাৰ লগতে ঘৰত থকা সমগ্ৰ বস্তু লৈ উধাও হোৱাৰো কথাও ব্যক্ত কৰিছিল সুশান্তৰ পিতৃয়ে দাখিল কৰা হৈছিল তেওঁৰ এজাহাৰ খনত। পাটনা চেন্ট্রেল জনৰ আইজিয়ে মঙ্গলবাৰে সংবাদ মাধ্যমক জনায় যে, “ৰিয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ (আত্মহত্যাত প্রৰোচনা), ৩৪১ আৰু ৩৪২(জোৰ কৰি ধৰি ৰখা), ৩৮০ (ঘৰৰ সামগ্ৰী চুৰি), ৪০৬ (চুক্তিভঙ্গ) আৰু ৪২০ (প্রতাৰণা) ধাৰাত অভিযোগ দাখিল কৰা হৈছিল।’ কিন্তু বৰ্তমানলৈও এই বিষয়ত কোনো সঠিক তথ্য বাহিৰলৈ অহা নাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform