Rupaliparda.com
দীপিকা পাডুকনৰ "কোড ৱৰ্ড" হে আছিল "মাল"; ইয়াৰ অৰ্থ কি আছিল, জানক! 1

দীপিকা পাডুকনৰ “কোড ৱৰ্ড” হে আছিল “মাল”; ইয়াৰ অৰ্থ কি আছিল, জানক!

বলীউড ক্ষেত্ৰখন বৰ্তমান সময়ত বিভিন্ন খেলি-মেলিৰ সৈতে যুঁজি আছে। ইফালে য’ত নেপোটিজিমৰ বাবে বলীউডক বয়’কট কৰাৰ ঢৌ উঠিছে তাতেই আকৌ আনহাতে ড্ৰাগছ কেছত সাঙুৰ খাইছে ইজনৰ পিছত সিজনকৈ বলীউডৰ দক্ষ তাৰকাৰ নাম। শেহতীয়াকৈ দীপিকা পাডুকনক এনচিবিয়ে সোধ-পোছৰ বাবে মতাই আনিছিল। অভিনেত্ৰী গৰাকীৰ মেনেজাৰৰ সৈতে হোৱা কথোপকথনত “মাল” ৰ উল্লেখ আছিল আৰু সেই বাবেই এনচিবিয়ে তেওঁক সোধপোছৰ বাবে মতাই আনে। দীপিকা পাডুকনৰ অনুৰাগীৰ সংখ্যা কম নহয়; তেওঁৰ অনুৰাগীয়ে নিশ্চয়কৈ জানিব বিচাৰে যে অভিনেত্ৰী গৰাকীক সেইদিনা কেনেধৰণৰ প্ৰশ্ন কৰা হৈছিল! এনচিবিয়ে কৰা আটাইবোৰ প্ৰশ্নৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে একেটাই কথা কৈছিল যে এই মায়ানগৰীৰ বলীউড ক্ষেত্ৰখনত বহুতেই বহু ধৰণে নিজৰ “কোড ৱৰ্ড” ব্যৱহাৰ কৰি কথোপকথন বোৰ আগবঢ়ায়। “মাল” অৰ্থটো যেনেদৰ সমগ্ৰ জনসাধাৰণে ভাবি আছে আচলতে ইয়াৰ সেইটো অৰ্থই প্ৰকাশ কৰি দীপিকাই একো সোধা নাছিল।

দীপিকা পাডুকনৰ "কোড ৱৰ্ড" হে আছিল "মাল"; ইয়াৰ অৰ্থ কি আছিল, জানক! 2
দীপিকা পাডুকনৰ "কোড ৱৰ্ড" হে আছিল "মাল"; ইয়াৰ অৰ্থ কি আছিল, জানক! 3


দীপিকা পাডুকন অনুযায়ী “মাল” আৰু “হেশ” মানে তেওঁ চিগাৰেটৰ কথাহে উল্লেখ কৰিছিল। দীপিকাই এনচিবিৰ আগত এয়াও ব্যক্ত কৰে যে তেওঁ চিগাৰেট সেৱন কৰে কিন্তু ড্ৰাগছ সেৱন নকৰে। ২০১৭ চনৰ কথোপকথনৰ আধাৰত দীপিকাক এনচিবিৰ টীমে সোধ-পোছৰ বাবে মতাই আনে। দীপিকাৰ সমান্তৰালকৈ ৰকুলপ্ৰীত, সাৰা আলি খান, শ্ৰদ্ধা কাপুৰকো সোধ-পোছৰ বাবে মতাই অনা হয় যদিও ইয়াৰ চূড়ান্ত পৰ্যায়লৈ সিদ্ধান্ত অহা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.