Rupaliparda.com
বহু আহিব, বহু যাব কিন্তু জুবিন গাৰ্গ সদায় বুকুত ৰ'ব; মৰমৰ ওলোটা জুবিন গাৰ্গঃ 1

বহু আহিব, বহু যাব কিন্তু জুবিন গাৰ্গ সদায় বুকুত ৰ’ব; মৰমৰ ওলোটা জুবিন গাৰ্গঃ

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ওলোটা খৰ। নহয়, আপোনালোকে ভুল বুজিছে। আচলতে, প্ৰকৃতিৰ বুকুত জিৰণিহে লৈছে শিল্পী গৰাকীয়ে। ব্যতিক্ৰম হৈ ভালপোৱা এই শিল্পী গৰাকীয়ে এটি পোষ্ট যোগে নিজেও কৈছে যে, “মই ওলোটা হৈ থাকি ভাল পাওঁ।” লগতে শিল্পী গৰাকীয়ে নিজ অনুৰাগী সমূহক ভগৱানক বিশ্বাস কৰাতকৈ আশ্বাস ৰাখিবলৈ কৈছে প্ৰকৃতিৰ ওপৰত। ফটোখন ভাইৰেল হোৱাৰ লগতে জুবিনৰ এনে কথাই আকৰ্ষণো কৰিছে তেওঁৰ বহু অনুৰাগীক। জুবিন গাৰ্গ আনতকৈ ব্যতিক্ৰম; এই কথাৰ প্ৰমাণ ইতিমধ্যে তেওঁ বহুবাৰ দিছে। এই ব্যতিক্ৰম তেওঁৰ পিন্ধনতেই হওঁক অথবা ব্যৱহাৰতেই হওঁক সকলোতেই প্ৰত্যক্ষ কৰিব পৰা যায়। তেওঁৰ এনে ব্যতিক্ৰম স্বভাৱেই হয়টো অনুৰাগীৰ এক দীঘলীয়া শাৰী প্ৰস্তুত কৰি তুলিছে; বহুতেই কয় “বহু আহিব, বহু যাব কিন্তু জুবিন গাৰ্গ সদায় বুকুত ৰ’ব”। কথাষাৰে আচলতে এয়া প্ৰমাণো নকৰাকৈ থকা নাই; কিয়নো এই শিল্পী গৰাকীৰ প্ৰতিটো গীতেই পূৰ্বৰ সমানেই লাভ কৰে সমাদৰ।

বহু আহিব, বহু যাব কিন্তু জুবিন গাৰ্গ সদায় বুকুত ৰ'ব; মৰমৰ ওলোটা জুবিন গাৰ্গঃ 2


কিছুদিন পূৰ্বে চচিয়েল মিডিয়াত জুবিন গাৰ্গে স্পষ্ট কৰি দিছিল যে কোনো নিৰ্দ্দিষ্ট ৰাজনৈতিক দলত যোগদান কৰা অভিনেতা-অভিনেত্ৰী, কন্ঠশিল্পী অথবা কলা-কুশলীক হাৰ্টথ্ৰৱ গৰাকীয়ে নিষিদ্ধ কৰিছিল আৰ্টিষ্ট ইলেভেনত। নিৰপেক্ষ শিল্পী সকলৰ যোগদানেৰেহে এইবাৰ ভৰিব পাৰিব আৰ্টিষ্ট ইলেভেন। সাম্যবাদী লোকে খেলিব এইবাৰ জুবিন গাৰ্গৰ ফুটবল ইলেভেন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.