Rupaliparda.com
সায়ানী গুপ্তাৰ আওঁপকীয়া ট্ৰোল শ্বাহৰুখ খানকঃ 1

সায়ানী গুপ্তাৰ আওঁপকীয়া ট্ৰোল শ্বাহৰুখ খানকঃ

আওঁপকীয়াকৈ বলীউডৰ কিং শ্বাহৰুখ খানক ট্ৰোল তেওঁৰেই “ফেন” ছবিখনৰ সহঃ অভিনেত্ৰী সায়ানী গুপ্তাৰ। আচলতে, কালি গান্ধী জয়ন্তীৰ দিনা দেশৰ প্ৰতিজন সচেতন নাগৰিকৰ সমান্তৰালকৈ বলীউডৰ তাৰকা সমূহেও এক পোষ্ট যোগে গান্ধীৰ দেশখনক লৈ কৰা কাৰ্য্যক মনত পেলাই জনসাধাৰণৰ মাজত নিজ মত ব্যক্ত কৰে। য’ত নিজ মন্তব্য প্ৰকাশ কৰে বলীউডৰ কিং শ্বাহৰুখ খানেও; তেওঁ এক ষ্টেটাচ যোগে গান্ধীৰ “বেয়া নাচাবা, বেয়া নক’বা” শ্লোগানটো ব্যৱহাৰ কৰে। য’ত তেওঁ লিখে যে, “আজিৰ গান্ধী জয়ন্তীৰ সময়ছোৱাত আমি আমাৰ সন্তানক এনে কিবা শিকাব লাগে যিয়ে তেওঁলোকক বেয়া পৰিস্থিতিত কাম দিব; তেতিয়াহ’লে সেয়া হৈছে “বেয়া নাচাবা, বেয়া নক’বা আৰু বেয়া নুশুনিবা।” কিং খানৰ এই পোষ্টটোকেই ৰিটুইট কৰি ৱেব চিৰিজৰ জনপ্ৰিয় অভিনেত্ৰী সায়ানী গুপ্তাই নিজ মত প্ৰকাশ কৰে। তেওঁ শ্বাহৰুখ খানৰ পোষ্টটোৰ সৈতে মনীষা বাল্মিকীৰ বিষয়টোকো অন্তৰ্ভূক্ত কৰে।

সায়ানী গুপ্তাৰ আওঁপকীয়া ট্ৰোল শ্বাহৰুখ খানকঃ 2


তেওঁ কয় যে, “সঁচাটো আমি ক’বই লাগে আৰু গান্ধীয়েও আমাক শিকাই গৈছে যে সঠিক সময়ত সঁচাৰ হকে মাত দিবলৈ। পীড়িত সকলৰ বাবে মাত উঠোৱাৰ লগতে দলিত ভাই-ভনী সকলৰ বাবেও মাত মাতিব লাগে। কেৱল নিজ মুখ, কাণ বন্ধ কৰি থ’লে নহ’ব।” সায়ানী গুপ্তাৰ এই কথাৰ পৰাই স্পষ্ট হৈ পৰে যে কিং খানে মনীষাৰ বিষয়টোক লৈ কোনো ধৰণৰ মন্তব্য নকৰাৰ ফলতে অভিনেত্ৰী গৰাকীয়ে এই পোষ্টটো দিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.