Rupaliparda.com
সান্নিধ্য ভূঞাৰ "ৰাগিনী" ৰ সফলতাঃ 1

সান্নিধ্য ভূঞাৰ “ৰাগিনী” ৰ সফলতাঃ

বজাৰকেন্দ্ৰিক সংগীততকৈ অধিক জীৱনকেন্দ্ৰিক গীতৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সান্নিধ্য ভূঞা নামটো বৰ্তমানৰ জনসাধাৰণৰ বাবে জনপ্ৰিয় হৈ পৰিছে। সংগীত পৰিচালক ৰূপে সকলোৰে মাজত চিনাকী হৈ উঠা এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ সদ্যমুক্তিপ্ৰাপ্ত “ৰাগিনী” শীৰ্ষক গীতটিও লাভ কৰিছে জনপ্ৰিয়তা। ব্যক্তিবিশেষৰ জীৱনৰ ওপৰত আধাৰিত অথবা জীৱনত প্ৰয়োজন হোৱা বিষয়া বা অনুভৱ একোটা গীতৰ মাজেৰে নিজৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ প্ৰচেষ্টা কৰা সান্নিধ্য ভূঞাৰ সকলো গীতৰ দৰেই এইবাৰৰ “ৰাগিনী” শীৰ্ষক গীতটিয়েও জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গীতটিত কথা ৰাজীৱ ভূঞাৰ লগতে গীতাৰ বজাইছে কংকন ৰাভাই; সংগীত প্ৰযোজনাৰ লগতে ইয়াৰ শব্দ সংমিশ্ৰণৰ সৈতে জড়িত আছিল অভি শইকীয়া। কিছুদিন পূৰ্বে মুক্তি লাভ কৰা এই গীতটিত বৰ্তমান ভিউৱাৰচৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া। ১৯৯৯ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা সান্নিধ্যৰ প্ৰায় প্ৰতিটো গীতৰ জনপ্ৰিয়তা আমি নুই কৰিব নোৱাৰো। আগন্তুক সময়তো ভিন্ন ন-ন পৰিকল্পনাৰ সৈতে সংগীত শিল্পী গৰাকীক দেখিবলৈ পাব শ্ৰোতা-দৰ্শকে।

সান্নিধ্য ভূঞাৰ "ৰাগিনী" ৰ সফলতাঃ 2


ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা এক সাক্ষাৎকাৰত সান্নিধ্যই নিজেই কৈছিল যে, “পৰিকল্পনাটো যথেষ্ট আছে; তাৰ ভিতৰত এটা উল্লেখনীয় পৰিকল্পনা হৈছে আমাৰ পূৰণি যিসমূহ গীত জ্যোতি সংগীতৰ পৰা ভূপেন্দ্ৰ, ৰাভ সংগীত সমূহক নতুন সংগীত ব্যৱস্থাপনাৰে মই জনসাধাৰণৰ মাজলৈ আগবঢ়াবলৈ বিচাৰিছো। ইয়াৰ উপৰিও, লোকসংগীত যিসমূহ আছে আমাৰ তাৰেই কিছু সুৰ, সংগীত সমূহ লৈ মই নিজৰ গীতত ৰাখিবলৈ প্ৰয়াস কৰিছো। আচলতে,এইটো থকাটো মই প্ৰয়োজনীয় বুলি ভাবিছো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform