Rupaliparda.com
দীপান্বিতা ডেকাৰ "মিছাকৈ নক'বি" ৰ আন এক সফলতাঃ উৎসাহিত কন্ঠশিল্পী- 1

দীপান্বিতা ডেকাৰ “মিছাকৈ নক’বি” ৰ আন এক সফলতাঃ উৎসাহিত কন্ঠশিল্পী-

“মিছাকৈ নক’বি” শীৰ্ষক গীতটিৰ আন এক সফলতা। গীতটিত জনসাধাৰণৰ সমাদৰৰ সমান্তৰালকৈ ইউটিউবত লাভ কৰা সঁহাৰি আছিল লেখত ল’বলগীয়া। কিন্তু এইবাৰ পুনৰ আন এক সুখবৰে চুমিছে গীতটোক। ৰামধেনু ২০১৯-২০ বৰ্ষৰ শ্ৰেষ্ঠ ১০ টা গীতৰ মাজৰ এটা গীত ৰূপে অন্তৰ্ভূক্ত হ’বলৈ সক্ষম হৈছে দীপান্বিতাৰ “টিক টিক কৈ” শীৰ্ষক গীতটোৱে। চলিত বৰ্ষৰ জনপ্ৰিয় গীত সমূহৰ ভিতৰত এটা “মিছাকৈ নক’বি” শীৰ্ষক গীতটোৱে মুক্তিৰ পিছৰ পৰাই লাভ কৰিছিল বহুল প্ৰশংসা। গীতটিত কন্ঠদান কৰা দীপান্বিতা ডেকাইও উক্ত গীতটিৰ পিছতেই অসমীয়া সংগীত প্ৰেমী শ্ৰোতা তথা দৰ্শকৰ মাজত এগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল। আপোনালোকক জনাই থওঁ যে, বৰ্তমানলৈ এই গীতটিত ভিউৱাৰচৰ সংখ্যা হৈছে ১২ মিলিয়নতকৈও অধিক। সৰুৰ পৰাই সংগীতৰ সৈতে জড়িত দীপান্বিতা ডেকাৰ প্ৰথমটি গীত আছিল “নীলিম আশা”। তেওঁৰ শেহতীয়াকৈ গীতটিৰ ক্ষেত্ৰত হোৱা জনপ্ৰিয়তাৰ বাবে কন্ঠশিল্পী গৰাকীয়ে ইয়াৰ সৈতে জড়িত প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়ত এনেদৰে তেওঁক উৎসাহিত কৰাৰ বাবে জনসাধাৰণৰ ওচৰত আহ্বান জনায়।


পূৰ্বতেও সাক্ষাৎকাৰ যোগে কন্ঠশিল্পী গৰাকীয়ে কৈছিল যে, “দিগন্ত বৰদলৈ ছাৰ, জয় নিৰ্বাণ, চিন্ময় কৌশিক, প্ৰণয় দত্ত দা, নীল আকাশ দা, শচীন দা, কিশোৰ দা আদিকে ধৰি প্ৰতিজন ব্যক্তিয়ে মোৰ গীতটোৰ সফলতাৰ সৈতে জড়িত আৰু তেওঁলোকেই মোৰ গীতৰ কামবোৰ আগবঢ়াই নিয়াত যথেষ্ট সহায় আগবঢ়াইছিল। আৰু, এই সহায়ৰ বাবেই হয়টো আজি আপোনালোকে এই গীতটিক ইমান বেছি আঁকোৱালি লৈছে।” আগন্তুক সময়টো দীপান্বিতা ডেকাৰ কন্ঠৰে আন কেইবাটাও গীত উপভোগ কৰিবলৈ সক্ষম হ’ব শ্ৰোতা-দৰ্শক। নতুন অসমীয়া আধুনিক গীত সমূহৰ এক সুন্দৰ ধাৰা অব্যাহত ৰখাৰ বাবে এওঁলোকৰ প্ৰচেষ্টা তথা প্ৰয়াস আদৰণীয়।

দীপান্বিতা ডেকাৰ "মিছাকৈ নক'বি" ৰ আন এক সফলতাঃ উৎসাহিত কন্ঠশিল্পী- 2


দীপান্বিতা ডেকাৰ এই সফলতাত ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা। তেওঁৰ আহিবলগীয়া গীতসমূহৰ পূৰ্বৰ দৰেই ৰাইজৰ কাষ চপাত সক্ষম হওঁক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform