Rupaliparda.com
"যি সংগীতে শ্ৰোতাৰ হৃদয় চুব পাৰে তেনে গীত গাই ভাল পাওঁ"- প্ৰিয়াক্ষী পাচনী 1

“যি সংগীতে শ্ৰোতাৰ হৃদয় চুব পাৰে তেনে গীত গাই ভাল পাওঁ”- প্ৰিয়াক্ষী পাচনী

শেহতীয়াকৈ উঠি অহা একাংশ কন্ঠশিল্পীয়ে নিজ কন্ঠটোতকৈ অধিক গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায় তেওঁলোকৰ গীতটিৰ বিষয়বস্তুটোৰ ওপৰত। তথাকথিত একাংশ সংগীতৰ মাজত আচলতে এয়াও এক আদৰণীয় প্ৰচেষ্টা; য’ত কেৱল মাত্ৰ নিজ কন্ঠটোতেই গুৰুত্ব দিয়া নহয়। Ridip Abhilash Craftlet নামৰ এক ইউটিউব চেনেলেে ইতিমধ্যে কেইবাটাও সুন্দৰ বিষয়বস্তুৰে, হৃদয়স্পৰ্শী কথাৰে সংগীতৰ প্ৰস্তুত কৰিছে। তাৰ মাজত কেইবাটাও গীতে সমাদৰ লাভ কৰিছে জনসাধাৰণৰ। তেওঁলোকৰ গীতত কন্ঠদান কৰিবলৈ ওলোৱা প্ৰিয়াক্ষী পাচনীও এগৰাকী নৱপ্ৰজন্মৰে গায়িকা। তেওঁৰ কন্ঠৰ সৈতে চিনাকী আচলতে নোহোৱাকৈও থকা নাই জনসাধাৰণৰ। প্ৰায় ৫ বছৰ বয়সতেই টিভি অথবা টেপ ৰেকৰ্ডাৰৰ গীত শুনি এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হোৱা প্ৰিয়াক্ষীক পিতৃ-মাতৃয়ে শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ দিয়ে। বৰ্তমানলৈ শাস্ত্ৰীয় সংগীতৰ শিক্ষা অব্যাহত ৰাখিছে প্ৰিয়াক্ষীয়ে; একাংশ সংগীতশিল্পীৰ একঘেয়ামী বিষয়বস্তুতকৈ যেতিয়া এগৰাকী নৱপ্ৰজন্মই সম্প্ৰতি পৰিস্থিতিক কেন্দ্ৰ কৰি গীত সৃষ্টিৰ কথা ভাবে তেতিয়া সেই গীতবোৰে শ্ৰোতাক আৰু অধিক আকৰ্ষণ কৰে।

"যি সংগীতে শ্ৰোতাৰ হৃদয় চুব পাৰে তেনে গীত গাই ভাল পাওঁ"- প্ৰিয়াক্ষী পাচনী 2


সেইবাবেই হয়টো ৰূপালীপৰ্দাৰ সংগীতত থকা কি উপাদানেৰে শ্ৰোতাক আকৰ্ষণৰ চেষ্টা কৰা বুলি কৰা প্ৰশ্নৰ উত্তৰত কয় যে, “এটা মাত্ৰ উপাদানৰ কথা সংগীতক লৈ কোৱাটো অসম্ভৱ। ই এক পূৰ্ণ প্ৰক্ৰিয়া; আচলতে মই সময় আৰু পৰিৱেশৰ লগত খাপ খোৱা গীতেৰে শ্ৰোতাৰ মন জয় কৰিবলৈ চেষ্টা কৰো। আচলতে সঁচা কথা ক’বলৈ গ’লে, যি সংগীতে শ্ৰোতাৰ হৃদয় চুব পাৰে তেনে গীত গাই ভাল পাওঁ।” আনহাতে আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “সম্প্ৰতি পৰিস্থিতি আৰু পৰিৱেশৰ বিষয়ে প্ৰায় প্ৰতিজন ব্যক্তি জ্ঞাত। তাৰ মাজতে সময় উলিয়াই মই কিছুমান অনলাইন প্ৰকল্পৰ সৈতে জড়িত হৈছিলো। যেনে ধৰক Ridip Abhilash Craftlet ৰ বেনাৰত নিৰ্মাণ হোৱা “ভাগৰৰ দিনলিপি” শীৰ্ষত গীতটিত কন্ঠদান কৰি মই উৎসাহিত হৈছিলো। বৰ্তমান মই কন্ঠদান কৰা তেওঁলোকৰে আন এটি গীত “ইশানী মলয়া” মুক্তি পাবলৈ আগবাঢ়িছে। ইয়াৰ উপৰিও, মোৰ আন এটি গীত অতিশীঘ্ৰে ৰাইজৰ মাজত আহিবলৈ সাজু হৈছে।”

"যি সংগীতে শ্ৰোতাৰ হৃদয় চুব পাৰে তেনে গীত গাই ভাল পাওঁ"- প্ৰিয়াক্ষী পাচনী 3


নৱপ্ৰজন্মৰ প্ৰকল্প, তেওঁলোকৰ সৃষ্টি তথা তেওঁলোকৰ প্ৰতিভাই প্ৰতিজন সৰ্বসাধাৰণ লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জনপ্ৰিয়তাৰ মোহৰ নিজৰ নামৰ সৈতে লগ নালাগিলেও তেওঁলোকৰ প্ৰতিভাৰ কথা নুই কৰিব পৰা নাযায়। প্ৰিয়াক্ষী পাচনী তেওঁলোকৰ মাজৰেই এগৰাকী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform