Rupaliparda.com
ট্ৰোলৰ সন্মুখীন অভিষেক বচ্চনঃ কিন্তু প্ৰতিউত্তৰো সুন্দৰ তেওঁৰ- 1

ট্ৰোলৰ সন্মুখীন অভিষেক বচ্চনঃ কিন্তু প্ৰতিউত্তৰো সুন্দৰ তেওঁৰ-

তাৰকাক ট্ৰোল কৰা কথাটো নতুন নহয়; প্ৰায়ে ট্ৰোল অথবা সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় অধিকাংশ তাৰকা চিলেব্ৰেটী। কিন্তু এনে ট্ৰোলাৰ বোৰক চিলেব্ৰেটী সকলেও প্ৰায়ে নিজ উত্তৰেৰে থকা-সৰকা কৰা দেখিবলৈ পোৱা যায়। এনে ক্ষেত্ৰতেই এইবাৰ সমুখলৈ আহিছে অভিষেক বচ্চনৰ কথা; শেহতীয়াকৈ অভিষেক বচ্চনে দিয়া কেইটামান সমালোচনাৰ উত্তৰে এতিয়া অধিক চৰ্চা লাভ কৰিছে সচেতন মহলত। আচলতে, জানিব পৰা মতে আগন্তুক ১৫ তাৰিখৰ পৰা চিনেমাগৃহ সমূহ খোলাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰ চৰকাৰে আৰু এই প্ৰসংগটোক লৈ বৰ্তমান একাংশ শিল্পী উৎসাহিত হৈ পৰাৰ লগতে একোটা পোষ্ট কৰাও দেখিবলৈ পোৱা গৈছে। অভিষেক বচ্চনেও এটি পোষ্ট যোগে লিখে যে, “চলিত সপ্তাহৰ আটাইতকৈ সুখৰ খবৰ।” এই পোষ্টটোতেই এগৰাকীয়ে ৰিপ্লাই কৰি কয় যে, “আপুনিটো তথাপিও কৰ্মহীন হৈয়ে থাকিব।”

ট্ৰোলৰ সন্মুখীন অভিষেক বচ্চনঃ কিন্তু প্ৰতিউত্তৰো সুন্দৰ তেওঁৰ- 2


এই ৰিপ্লাইটোৰে উত্তৰত অভিষেক বচ্চনে কয় যে,”এয়া বৰ দুখ লগা কথা; এয়া আপোনালোকৰ হাতত আছে। যদি আপোনালোকৰ আমাৰ কাম ভাল লাগে তেতিয়াহ’লে আমি আৰু অধিক কাম পাম; যদিহে ভাল নালাগে আমি আৰু কাম নাপাম। এইবাবেই আমি নিষ্ঠাৰে কাম কৰিব বিচাৰো যাতে ইয়াৰ পৰিণাম শুভ হয়।” ইয়াৰ পূৰ্বেও অভিষেক এনে ট্ৰোলৰ সন্মুখীন হৈছে; কিন্তু ইয়াৰ প্ৰতিউত্তৰ কেনেদৰে দিয়া হয় তাৰ বাবেও প্ৰস্তুত অভিনেতা গৰাকী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.