“Mr. Perfectionist” ৰূপে খ্যাত অভিনেতা আমিৰ খান কেৱল মাত্ৰ নিজ চৰিত্ৰটো সুন্দৰ ৰূপত ৰূপায়ন কৰাই নহয়; ব্যক্তিগত জীৱনটো তেওঁৰ আদৰ্শই সকলোকে আপ্লুত কৰি ৰাখে। “কয়ামত সে কয়ামত তক”, “ডংগল”, “থ্ৰী ইডিয়টচ” ইত্যাদি ছবি সমূহত কৰা তেওঁৰ চৰিত্ৰবোৰে সমগ্ৰ জনসাধাৰণৰ সমাদৰ লাভ কৰাত সক্ষম হৈছিল। শেহতীয়াকৈ আমিৰ খান উপস্থিত হৈছিল বেনেট বিশ্ববিদ্যালয়ৰ শিক্ষা সমাৰোহত। সমাৰোহত উপস্থিত হোৱা আমিৰ খানে নিজে বিভিন্ন কথা কোৱাৰ লগতে “থ্ৰী ইডিয়টচ” ত কৰা নিজ চৰিত্ৰটোৰ বিষয়ে ব্যক্ত কৰে শিক্ষাৰ্থী সকলৰ মাজত। আমিৰ খানে ৪৪ বছৰ বয়সত এজন ছাত্ৰৰ চৰিত্ৰ ৰূপায়ন কৰিছিল উক্ত ছবিখনত। ৰাজকুমাৰ হিৰানীৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ প্ৰযোজকে যেতিয়া আমিৰ খানক সম্পৰ্ক কৰিছিল তেতিয়া অভিনেতা গৰাকীয়ে ভাবিছিল যে তেওঁ কেনেদৰে এগৰাকী ছাত্ৰৰ চৰিত্ৰ ৰূপায়ন কৰিব পাৰে!


কিন্তু ছবি খন নিৰ্মাণৰ ক্ষেত্ৰত থকা ইয়াৰ মূলমন্ত্ৰটোৱে যথেষ্ট আকৰ্ষণ কৰা বুলি ব্যক্ত কৰে অভিনেতা গৰাকীয়ে। ছবিখনৰ “সফলতাৰ পিছত নদৌৰিবা; ক্ষমতাৰ পিছত দৌৰা” শীৰ্ষক শাৰীটোৱে অভিনেতা গৰাকীক আকৰ্ষণ কৰিছিল। লগতে, পৰিচালক ৰাজকুমাৰ হিৰানীও জানিছিল যে আমিৰ খানে তেওঁৰ এই চৰিত্ৰটো পূৰ্ণৰূপত ৰাইজৰ মাজত সুন্দৰকৈ উপস্থাপন কৰিব পাৰিব। আগন্তুক সময়ত আমিৰ খানক “লাল সিং চড্ডা” ছবিখনত দেখিবলৈ পোৱা যাব; যাৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছিল জনসাধাৰণ মাজত।
Add comment