Rupaliparda.com
দেহৰ গঠনৰ খুঁট গণনা কৰিলে অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজেঃ 1

দেহৰ গঠনৰ খুঁট গণনা কৰিলে অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজেঃ

কেৱল মাত্ৰ সৰ্বসাধাৰণ ৰাইজেই নহয়; নিজৰ ৰং অথবা নিজ দেহৰ গঠনক লৈ প্ৰায়ে ট্ৰোলৰ সন্মুখীন হৈ পৰে অভিনেতা-অভিনেত্ৰীও। কলা-বগা, শকত-খীন আদিৰ বহুল চৰ্চা আহি পৰে এওঁলোকৰ বাবে। এনেও উদাহৰণ আছে য’ত এগৰাকী অভিনেত্ৰী বা অভিনেতাই নিজ দেহৰ গঠন অথবা ৰঙক লৈ ছবি বা যিকোনো প্ৰকল্পৰ অফাৰ লাভ নকৰে। এনে মানসিকতাও আছিল য’ত এগৰাকী অভিনেতা হ’বলৈ হ’লে তেওঁৰ তাত ব’ডি থকাটো প্ৰয়োজনীয় আৰু এগৰাকী অভিনেত্ৰী হ’বলৈ হ’লে তেওঁৰ ৰঙটোও বগা হোৱাটোও প্ৰয়োজনীয়। কিন্তু, এনেবোৰ ধাৰাবাহিকতাৰ এতিয়া যেন সলনি হৈছে; আমি ইয়াৰ বহু উদাহৰণো ইতিমধ্যে দেখিছো। শেহতীয়াকৈ এই ৰং-ৰূপক লৈ শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানে এক পোষ্ট দিছিল য’ত তেওঁক বিভিন্ন জনে “কলা” বুলি আখ্যা দিছিল। তেওঁ নিজৰ মনৰ কথা খুলি বাখ্যা কৰা পোষ্টটো ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। তাৰ পিছতেই আন কেইবাগৰাকীও অভিনেত্ৰীয়ে চচিয়েল মিডিয়াত নিজ অনুভৱ ব্যক্ত কৰে।

https://www.instagram.com/p/CFzTPQHA7UN/?utm_source=ig_web_copy_link
দেহৰ গঠনৰ খুঁট গণনা কৰিলে অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজেঃ 2


শেহতীয়াকৈ এই প্ৰসংগত পোষ্ট দিছে অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজে। তেওঁ এফালৰ পৰা তেওঁৰ দেহত থকা খুঁটবোৰ বাখ্যা কৰে। তেওঁ আনকি নিজৰ স্তনৰ আকাৰৰ পৰা আৰম্ভ কৰি পেট তথা নাক, ওঁঠ আদিৰো গঠন সম্পৰ্কে ৰাইজৰ মাজত বাখ্যা কৰে। তেওঁ পোষ্টটোত ব্যক্ত কৰে যে এই আটাইবোৰৰ মাজতো অভিনেত্ৰী গৰাকীয়ে নিজক সুন্দৰ অনুভৱ কৰে। তেওঁ কয় যে, “সমাজৰ মতনুসৰি মই নিজক ধুনীয়া কৰোৱাবলৈ এৰি দিলো, মই নিজক ইয়াত ফিট ৰখাৰ চেষ্টা বন্ধ কৰি পেলালো।” কিছুদিন পূৰ্বে অভিনেত্ৰী চিত্ৰাংগদাইও নিজ ৰূপ সম্পৰ্কে পোষ্ট দিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.