আমি দৈনন্দিন জীৱনত এনে বহু লোকক লগ পাওঁ যিয়ে নিজৰ শিক্ষাগত অৰ্হতাৰ সমান্তৰালকৈ মনোৰঞ্জন ক্ষেত্ৰখনতো নিজৰ ১০০ শতাংশ অৰিহণা আগবঢ়োৱাৰ চেষ্টা অব্যাহত ৰাখে। “উপাসনা” শীৰ্ষক গীতটি নিশ্চয় আপোনালোকৰ মনত আছে! গীতটিয়ে কিছুদিন পূৰ্বে জনসাধাৰণক বহুল ৰূপত আকৰ্ষণ কৰি তুলিছিল। গীতটিৰ আঁৰত থকা ব্যক্তি জনৰ নাম হৈছে সৌৰভ হাজৰিকা। শেহতীয়াকৈ, তেওঁৰ কন্ঠৰে আন এটি গীত “সাঁচি থোৱা” ও হয়টো আপোনালোকে ইতিমধ্যে উপভোগ কৰিছে। দন্ত চিকিৎসাৰ শিক্ষা গ্ৰহণ কৰি থকা এই গৰাকী যুৱকে নিতৌ চেষ্টা কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনতো নিজক প্ৰতিষ্ঠিত কৰাৰ। কেৱল মাত্ৰ সংগীতেই নহয়; অভিনয় ক্ষেত্ৰতো নিজক জনসাধাৰণৰ মাজত চিনাকী কৰোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সৌৰভ হাজৰিকাই। আজিৰ দেওবৰীয়া বিশেষত আমি পাতিম তেওঁৰ সৈতে কিছু কথা; নিতৌ পেচাৰ সৈতে ব্যস্ত একোজন শিল্পীৰ মন্তব্যৰ উপৰিও আমি আপোনাৰ ওচৰত আজি এনে এজন যুৱকক লৈ আনিছো যাৰ “নিচা” তথা “পেচা” ভিন্ন হ’লেও তেওঁ দুয়োফালে কৰা নিজ চেষ্টা লেখত ল’বলগীয়া।

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত??
সৌৰভঃ সৰুৰ পৰাই জুবিন গাৰ্গৰ গীত শুনি ডাঙৰ হৈছো। মোৰ জন্ম হৈছিল ১৯৯৭ চনত তেজপুৰত; গতিকে তেজপুৰ খন এনেও সাংস্কৃতিক দিশৰ পৰা চহকী। গতিকে, তেনেকৈয়ে সৰুৰ পৰাই এই ক্ষেত্ৰখনৰ প্ৰতি বেলেগ এটা ইচ্ছা তথা আকৰ্ষণ মই অনুভৱ কৰিছিলো। ঘৰতো এটা সাংস্কৃতিক পৰিৱেশ আছিল। মোৰ মামা মৌচম বৰা; তেওঁ এই অসমীয়া সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী চিনাকী সংগীত পৰিচালক তথা প্ৰযোজক। গতিকে, এই ক্ষেত্ৰখনৰ লগত মই সৰুৰ পৰাই কম-বেছি পৰিমাণে জড়িত হৈছিলো। মা-দেউতাইও মোক এইক্ষেত্ৰত আগবঢ়াই নিয়া বাবে যথেষ্ট অৰিহণা যোগাইছিল। আচলতে, এই মনোৰঞ্জন বোলা বস্তুটো আমি কোনোদিন এৰাই চলিব নোৱাৰো; প্ৰত্যেকে ইয়াক “পেচা” হিচাপে গ্ৰহণ নকৰিলেও ইয়াত “নিচা” সকলোৰে থাকে।
প্ৰশ্নঃ সংগীত তথা অভিনয় তোমাৰ বাবে নিচা নে পেচা?
সৌৰভঃ আপুনি প্ৰশ্নত সোধা দুয়োটাই মাধ্যম মই মোৰ “নিচা” বুলিয়ে ক’ম। কাৰণ মোৰ দন্ত চিকিৎসাৰ এইবাৰ শেষৰটো বৰ্ষ; কিন্তু বৰ্তমান সংগীত ক্ষেত্ৰখনত কিবা এটা নতুন ভাল কৰিবলৈ চেষ্টা কৰি আছো; জনসাধাৰণৰ যথেষ্ট সঁহাৰি তথা সমাদৰো আচলতে মই লাভ কৰিছো।

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।
সৌৰভঃ ভৱিষ্যত পৰিকল্পনা মোৰ যথেষ্ট খিনি আছে। অভিনয়, সংগীত তথা সংগীত প্ৰযোজনা আদিত মই ব্যতিক্ৰমী প্ৰয়াস হাতত লৈছো। বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত “উপাসনা” আৰু “সাঁচি থোৱা” গীত দুটাত জনসাধাৰণে দিয়া সমাদৰৰ বাবে মই কৃতজ্ঞ তেওঁলোকৰ ওচৰত। গীত দুটিয়ে ইউটিউবতো ভালেখিনি শ্ৰোতাৰ প্ৰতিক্ৰিয়া লাভ কৰিছে; গতিকে আহিবলগীয়া সময়ত মই পাৰ্যমানে নিজ সাধ্যনুসাৰে জনসাধাৰণক কিবা এটা ভাল অথবা গ্ৰহণযোগ্য প্ৰকল্প দিয়াৰ চেষ্টা কৰিম ।

প্ৰশ্নঃ আগন্তুক সময়ত প্ৰকল্প সমূহত কাৰ সৈতে কাম কৰাৰ মন? অভিনয়ে হওঁক অথবা সংগীতেই হওঁক?
সৌৰভঃ আপোনাক আগৰ প্ৰশ্নৰ উত্তৰটিতো হয়টো মই উল্লেখ কৰিছোৱে যে মই সৰুৰ পৰা গীত শুনিছো জুবিন গাৰ্গ আৰু মোৰ দৰে প্ৰত্যেকজন নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ জুবিন গাৰ্গৰ সৈতে কন্ঠদান কৰা ইচ্ছা মনত পুঁহি ৰাখে; মইও ব্যতিক্ৰম নহয়। ইয়াৰ লগতে পাপন দা আৰু অনুৰাগ শইকীয়া দাদাৰ সৈতে কোনোবা এটা প্ৰকল্পত জড়িত হোৱাৰ ইচ্ছা আছে।
প্ৰশ্নঃ তোমাৰ মতে, “শিল্পী” ৰ সংজ্ঞা কি?
সৌৰভঃ “শিল্পী” ৰ বৰ্তমানৰ সংজ্ঞাৰ ওপৰত ভিত্তি কৰি মই সঠিকভাৱে ক’ব নোৱাৰো। কিন্তু সৰুৰ পৰাই দেখি থকা অনুযায়ী যদি ক’বলৈ দিয়া হয় তেতিয়াহ’লে মই ক’ম যে “শিল্পী” হৈছে এনে এজন ব্যক্তি যি গৰাকী পবিত্ৰ আৰু যিয়ে নিজ আৱেগ অনুভূতিৰে অইন এজনৰ আৱেগ তথা অনুভূতিক সংযোগ কৰিব পাৰে তেওঁয়েই হৈছে “শিল্পী”। ইয়াৰ তত্ত্বগধুৰ সংজ্ঞা দিবলৈ মই এতিয়া অপাৰগ; কাৰণ সেই পৰ্যায় মই এতিয়াও পোৱাগৈ নাই।

ৰূপালীপৰ্দাঃ ধন্যবাদ সৌৰভ। তোমাৰ প্ৰয়াস তথা প্ৰচেষ্টাৰ বাবে বহুত বহুত শুভকামনা।
সৌৰভ হাজৰিকাঃ ধন্যবাদ।
Add comment