ধৰ্ষণ, অপমান, তাচ্ছিল্য তথা অপমান কৰা নাৰী সমাজে প্ৰতিদিনেই উক্ত কোনো নহয় কোনো ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হয়। বিগত দিনত হাছৰথত ঘটা ধৰ্ষণ কাৰ্যই ইতিমধ্যে সৰ্বসাধাৰণ ৰাইজৰ লগতে তাৰকা চিলেব্ৰেটীকো শিঁহৰিত কৰি গৈছিল। প্ৰতিটো দিনত কোনো নহয় কোনো ঠাইত একোগৰাকী নাৰী ধৰ্ষণৰ সন্মুখীন হয়। সহ্য তথা ধৈৰ্য্যৰ প্ৰতীক হৈছে নাৰী; কিন্তু এই দুই অনুভৱৰ চৰম পৰ্যায়ে যেতিয়া কোনো নাৰীক ব্যতিব্যস্ত কৰি তোলে তেতিয়াই ফুঁটি উঠে তেওঁৰ মাজৰ আটাইতকৈ ভয়ংকৰ ৰূপটো। এয়া কোমল নহয়; মজবুত হোৱাৰ সময়। “Sorry” ক’লেও এইবাৰ কোনো ক্ষমা নাই অপহৰণকাৰী অথবা কোনো ধৰ্ষণকাৰীৰ; মনোৰঞ্জন ক্ষেত্ৰখনৰ আটাইতকৈ কোমল অথবা সৰল কন্ঠশিল্পী তথা অভিনেত্ৰী গৰাকীয়েও এইবাৰ নিজক ৰাইজৰ মাজলৈ লৈ আনিছে কঠোৰ ৰূপত। দীপলিনা ডেকাৰ আগন্তুক চুটি ছবিখনৰ যেন প্ৰয়োজন আছিল তেওঁৰ অনুৰাগীৰো; কোমল অথচ সহজ নাৰী এগৰাকীয়ে যে প্ৰয়োজন অনুসৰি যে কঠোৰো হৈ পৰিব পাৰে তাৰ এক সুন্দৰ ৰূপৰ উপস্থাপন কৰিছে দীপলিনা ডেকাই।

তেওঁৰ চুটি ছবি “Sorry” ৰ শেহতীয়াকৈ মুক্তি কৰা হৈছে ফাৰ্ষ্ট অফিচিয়েল পোষ্টাৰ। এগৰাকী দৃঢ় তথা কৰ্তব্যপৰায়ণ আৰক্ষী বিষয়া ৰূপত দেখিবলৈ পোৱা গৈছে দীপলিনা ডেকাক। পোষ্টাৰ খনত একাংশৰ প্ৰতিক্ৰিয়াও হৈছে লেখত ল’বলগীয়া। সম্প্ৰতি পৰিস্থিতিৰ সৈতে খাপ খুৱাই সমুখলৈ অহা দীপলিনাৰ এই চৰিত্ৰটোৱেই যেন তেওঁৰ অনুৰাগীকো উৎসাহিত কৰি তুলিব; সেয়া প্ৰায়ে নিশ্চিত। আপোনালোকেও হয়টো জানিব পাৰিছেই যে আগন্তুক অতি কম সময়ৰ ভিতৰতে দীপলিনাক নতুন ৰূপত উপভোগ কৰিবলৈ পাব দৰ্শকে।

বিগত বহু দিনৰ পৰাই চুটি ছবিখনৰ মুক্তিক লৈ অপেক্ষা কৰিছিল জনসাধাৰণে। সঁচা কথা ক’বলৈ গ’লে, উক্ত চুটি ছবিখনৰ মুক্তিৰ এয়া একেবাৰে সুন্দৰ সময়।
Add comment