একোগৰাকী নাৰী বৰ্তমান আনগৰাকী নাৰীৰ বাবে সক্ৰিয় হৈ থিয় দিছে। সেয়া সাধাৰণজনৰ মাজৰেই হওঁক নাইবা অভিনেত্ৰী সকলৰ মাজৰেই হওঁক; প্ৰত্যেকেই নিজ নিজ মন্তব্য দৃঢ় ৰূপত ব্যক্ত কৰিছে জনসাধাৰণৰ মাজত। এপিনে ক’ৰোণা মহামাৰী আৰু আনপিনে কেইটামান নৰপিশাচৰ পৈশাচিক কাণ্ড। মুঠতে, দেশখনৰ স্থিতিক চাৰিওফালৰ পৰা ব্যতিব্যস্ত কৰি তুলিছে পৰিস্থিতিটোৱে। শেহতীয়াকৈ আইমী বৰুৱাইও একোগৰাকী নাৰীক বীৰাংগনা হৈ ঠিয় দিবলৈ আহ্বান জনাইছে। প্ৰতি দিনেই সহ্য কৰা লজ্জা, অপমান আদিৰ প্ৰতিউত্তৰ দিবলৈ একোগৰাকী নাৰীক মাৰবান্ধি থিয় হ’বলৈ কৈছে অভিনেত্ৰী আইমী বৰুৱাই। তেওঁ কয় যে, ” নাৰী-‘অৰ্দ্ধ আকাশ’, নাৰী সৃষ্টি,মমতা,প্ৰাণদায়িনী।
নাৰী- প্ৰকৃতি।
নাৰী-মা, পত্নী, বান্ধবী, ভগ্নী….
নাৰী- শক্তি।”

পলে পলে কিন্তু আমাক ব্যথিত কৰি সেই খৱৰ আহিয়েই থাকে যি খৱৰে কেৱল নাৰীকে অপমান নহয়! সমগ্ৰ মানব জাতিকে লজ্জিত আৰু অপমানিত কৰে।এনে খৱৰ তথা ঘটনা বোৰ সদায় নাশ হোৱাৰে কামনা কৰোঁ আৰু কামনা কৰোঁ।”
তেওঁ আগলৈ কয় যে, ” শক্তিৰ আধাৰ নাৰী আৰু শক্তিশালী হওক। সাহসী হওক। স্বাধীন আৰু মুকলিকৈ প্ৰতিগৰাকী নাৰী হওক সমাজৰ আদৰ্শ, নিৰ্দশন। প্ৰতি গৰাকী নাৰী হওক বীৰাংগনা.. “। চচিয়েল মিডিয়াত প্ৰায় সক্ৰিয় হৈ থকা আইমীয়ে সমাজৰ প্ৰতিটো বিষয়ৰ ওপৰতেই নিজ মন্তব্য ব্যক্ত কৰে। তৎস্বত্বেও ট্ৰোলৰ সন্মুখীন হৈ পৰে অভিনেত্ৰী গৰাকী।
Add comment