“লক-ডাউন” ৰ সময়ছোৱাত আটাইতকৈ অধিক চৰ্চা লাভ কৰা বিষয়টো হৈছে “ৱেব চিৰিজ”; OTT প্লেটফৰ্মৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ ৱেব চিৰিজসমূহেও জনসাধাৰণ সমূহৰ মাজত চৰ্চিত হৈ পৰিছে। ৱেব চিৰিজ সমূহৰ মাজৰ বহু প্ৰত্যাশিত আৰু দৰ্শকৰ মৰমৰ এখন ৱেব চিৰিজ হৈছে “মিৰ্জাপুৰ”। ৱেব চিৰিজখনৰ প্ৰথমটো সংস্কৰণৰ সমাপ্তিৰ পিছতেই দৰ্শক সকল বহুল ভাৱে অপেক্ষাৰত হৈছিল ইয়াৰ দ্বিতীয়টো সংস্কৰণক লৈ। নহওঁবনো কিয়? চিৰিজ খনৰ কাহিনীৰ লগতে প্ৰতিটো চৰিত্ৰৰ অভিনয়ো আছিল লেখতল’বলগীয়া। এতিয়াও জনসাধাৰণৰ চচিয়েল মিডিয়া পোষ্টত দেখিবলৈ পোৱা যায় চিৰিজখনৰ ফটো অথবা ভিন্ন ভিডিঅ’। প্ৰমো’ মুক্তি লাভ কৰা এই চিৰিজখনক লৈ আকৌ এবাৰ উৎসাহিত জনসাধাৰণ; দৰ্শকৰ সাংঘাতিক ধনাত্মক প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে এই ৱেব চিৰিজখনক লৈ। চলিত বৰ্ষৰ দূৰ্গা পূজাৰ আৰম্ভণিৰ সময়ছোৱাত চিৰিজখনক মুক্তি দিয়া হ’ব এমেজন প্ৰাইম টাইমত। আচলতে, এমেজন প্ৰাইমত কেইবাটাও জনসাধাৰণৰ আকৰ্ষণৰ প্ৰকল্প মুক্তি দিয়া হ’ব; ইয়াৰ মাজত এটা হৈছে “লক্ষ্মী বোম্ব”।
কিন্তু “লক্ষ্মী বোম্ব” মুক্তি দিয়া হ’ব “মিৰ্জাপুৰ” ৰ মুক্তিৰ পিছতহে; এটা সময়ত দৰ্শক ভাগ কৰাৰ ইচ্ছা ব্যক্ত কৰা নাই হয়টো এমেজন প্ৰাইম টাইমেও। চিৰিজখনৰ বাবে অপেক্ষাৰত দৰ্শকে অহা ২৩ অক্টোবৰত উপভোগ কৰিবলৈ পাব “মিৰ্জাপুৰ”। অলী ফেজল, পংকজ ত্ৰিপাঠী, বিক্ৰান্ত মেছি আদি অভিনেতাৰ লেখত ল’বলগীয়া অভিনয়ৰে ৱেব চিৰিজখনৰ প্ৰথম সংস্কৰণ মুক্তি দিয়া হৈছিল ২০১৮ চনত। এক্সেল এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত চিৰিজ খনৰ পৰিচালনা আছিল মিহিৰ দেসাইৰ।
Add comment