পিতৃ-মাতৃৰ। পিতৃ-মাতৃৰ সহযোগত একোটা সপোন সাৰ্থক হ’বলৈ সক্ষম হয় একোজন যুৱক-যুৱতীয়ে। এনে সফলতাৰ উদাহৰণ আমি প্ৰতিখন ক্ষেত্ৰতেই পাওঁ; সেয়া লাগিলে মনোৰঞ্জনৰ শিক্ষা হওঁক অথবা পাঠ্যক্ৰমৰ শিক্ষাই হওঁক। আমি পাঠ্যক্ৰমৰ বিষয়টোৰ পৰা কিছু আঁতৰি মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে শেহতীয়াকৈ জড়িত তথা জনপ্ৰিয় হৈ পৰা এজন কন্ঠশিল্পীৰ বিষয়ে ক’ম। সদ্যমুক্তিপ্ৰাপ্ত তেওঁৰ “দূৰ বহুদূৰ” শীৰ্ষক গীতটিয়ে ইতিমধ্যে অসমীয়া সংগীত প্ৰেমী শ্ৰোতাৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নাম দিবচন বৰুৱা; ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত তেওঁ সংগীত ক্ষেত্ৰ খনত কেতিয়াৰ পৰা জড়িত হৈছিল বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “শৈশৱৰ পৰা মোৰ ঘৰখনত মই এক সাংগীতিক পৰিৱেশ লাভ কৰিছিলো; মোৰ দেউতা প্ৰসন্ন লাল বৰুৱা এগৰাকী অনাতাঁৰ শিল্পী হোৱা হেতুকে ভিন্ন খন মঞ্চ অথবা দূৰদৰ্শন কেন্দ্ৰত এগৰাকী সহঃ শিল্পী ৰূপে তেওঁ মোক প্ৰায়ে লৈ গৈছিল লগতে দেউতাই মোক হাতত ধৰি হাৰমনিয়াম বজাবলৈও শিকাইছিল। সৰুৰ পৰাই সেইবাবে এইক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহ উপজিছিল বাবেই ভাতখাণ্ডেৰ পৰা সংগীত বিষয়টোত ডিগ্ৰী লাভ কৰিছিলো; এনেদৰেই সংগীত ক্ষেত্ৰখনত মোৰ যাত্ৰা আৰম্ভ হৈছিল।
দিবচন বৰুৱাৰ মতে এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “শিল্পী” ৰ সংজ্ঞা বহুল; কেৱল গান-নৃত্য আৰু অভিনয় কৰাকেই আচলতে “শিল্পী” নুবুজায়। “শিল্পী” এগৰাকী সদায় সৃষ্টিশীল কাম তথা সমাজৰ গম্ভীৰ বিষয় সমূহৰ প্ৰতি দায়বদ্ধ হ’ব লাগে; নিজৰ সৃষ্টিশীলতাৰে সমাজখনক ধনাত্মক দিশত আগবঢ়াই লৈ যোৱাৰ সক্ষমতা আচলতে যাৰ থাকে তেওঁৱেই মোৰ মতে এগৰাকী প্ৰকৃত “শিল্পী”। আগন্তুক পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত দিবচনে কয় যে, “আগন্তুক পৰিকল্পনাৰ বিষয়ে ক’বলৈ গ’লে প্ৰথমতেটো মই ধন্যবাদ জ্ঞাপন কৰিম অসমীয়া শ্ৰোতা-ৰাইজৰ। কাৰণ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত মোৰ প্ৰথমটো গীত “দূৰ বহুদূৰ” ক শ্ৰোতাখিনিয়ে অভূতপূৰ্ব সঁহাৰি জনাইছে; যিখিনি মই সপোনতো ভাবিব পৰা নাছিলো।”
তেওঁ আগলৈ কয় যে, “ৰাইজে দিয়া সঁহাৰিয়ে মোৰ আচলতে আৰু দায়িত্ব বঢ়ালে যে মই আকৌ নতুন কাম কৰিব লাগিব। গতিকে মই মোৰ প্ৰথমটো গীতৰ পিছত এটি থলুৱা গীতৰ সৈতে জনসাধাৰণৰ সমুখলৈ অহাৰ চেষ্টা কৰি আছো।” দূৰ-বহুদূৰ শীৰ্ষক এই গীতটিয়ে চচিয়েল মিডিয়াত লাভ কৰা প্ৰতিক্ৰিয়াও আচলতে লেখত ল’বলগীয়া।
Add comment