২০১৩ চনৰ পৰা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত এগৰাকী পৰিচালক ৰূপে পাৰদৰ্শিতা দেখুওৱা সমুজ্জল কাশ্যপৰ নামটো চিনাকী প্ৰত্যেকৰে বাবে। ইতিমধ্যে ২০১৫-১৬ বৰ্ষত তেওঁৰেই এক তথ্যচিত্ৰ “তেজপুৰ ১৯৬২” ৰ বাবে সমুজ্জলে লাভ কৰিছিল “ৰজত কমল” বঁটা। মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হৈ বহুকেইজন জ্যেষ্ঠ পৰিচালক তথা অভিনেতাৰ সৈতে কাম কৰা এইগৰাকী পৰিচালকৰ নতুন সৃষ্টিক লৈ বৰ্তমান উৎসাহিত হৈছে জনসাধাৰণ। “Arranged” শীৰ্ষক এখন চুটি ছবিৰ সৈতে আকৌ এবাৰ দৰ্শকৰ কাষ চাপিবলৈ সক্ষম হৈছে পৰিচালক গৰাকী। আচলতে, সমুজ্জল কাশ্যপৰ আন আটাইবোৰ চুটি ছবি অথবা তথ্য চিত্ৰতকৈ শেহতীয়াকৈ নিৰ্মিত চুটি ছবিখন হ’ব কিছু ব্যতিক্ৰম কিয়নো চুটি ছবিখন পোন প্ৰথমবাৰৰ বাবে তেওঁলোকৰ দ্বাৰা মুকলি কৰা হ’ব অনলাইন প্লেটফৰ্ম অৰ্থাৎ KC Digital Films নামে ইউটিউব চেনেলত। অহা ১৬ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া চুটি ছবিখনৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ; যিয়ে দৰ্শকৰ বহুল সঁহাৰি তথা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আচলতে, চুটি ছবি নিৰ্মাণৰ প্ৰথাটো নতুন হৈ থকা নাই। একাংশ পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ এতিয়া দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে একাংশ চুটি ছবিয়েহে।

জানিব পৰা মতে, চুটি ছবিখনৰ কাহিনী ভাগৰ পৰিকল্পনা কৰা হৈছিল “লক-ডাউন” ৰ সময়ছোৱাতে আৰু “লক-ডাউন” ৰ সমাপ্তিৰ পিছত আৰম্ভ কৰা হৈছিল ইয়াৰ শ্বুটিং প্ৰক্ৰিয়া। চুটি ছবিখনক লৈ দৰ্শকৰ উৎসাহৰ আন এক কাৰণ হৈছে ইয়াত অভিনীত অভিনেতা-অভিনেত্ৰীৰ বাবে, ইয়াত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰঞ্জীৱ লাল বৰুৱা আৰু জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যশিল্পী লিমা দাসে। ২২ মিনিটৰ এক সৰল-সহজ তথা মৰমলগা কাহিনীৰে আগবঢ়া চুটি ছবিখনত সংগীত কৰিছে ৰূপম ভূঞা আৰু ৰাকেশ বড়োই; নগেন বৈশ্যৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সম্পাদনা কৰিছে গৌতম মজুমদাৰে। ফাইনেল মিক্সিং কৰিছে বুলগানীন বৰুৱা আৰু লোকেশ্বন চাউণ্ড ৰেকৰ্ডিং কৰিছে ৰুক্মজিৎ বৰুৱাই। চুটি ছবিখনৰ পোষ্টাৰ খনেই দৰ্শকক কিছু সুক্ষ্ম আভাষ দি যায় যদিও দৰ্শক অপেক্ষাৰত এই ছবিখনৰ উপভোগ কৰিবলৈ।

ছবিখনৰ আন এক চৰিত্ৰ অভিনয় কৰাৰ উপৰিও চুটি ছবিখনৰ কাহিনীভাগ লিখিছে হৰ্ষ সিদ্ধান্তই। কেওঁদিশে উঠা চুটি ছবিৰ উজানে সকলো জনসাধাৰণকে কিছু সময়ৰ আমোদ প্ৰদান কৰাত সক্ষম হৈছে। তাতেই যেতিয়া জনসাধাৰণৰ নিজৰ ভাললগা অভিনেতা-অভিনেত্ৰীক চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পায় তেতিয়া সেই ছবিখনৰ জনপ্ৰিয়তাটোতো কোনো বাধা নাথাকে।
Add comment