Rupaliparda.com
হিৰো'ৰ ধাৰাবাহিক সংজ্ঞা আঁতৰোৱা আয়ূসমান খুৰানা আকৌ ব্যতিক্ৰমঃ 1

হিৰো’ৰ ধাৰাবাহিক সংজ্ঞা আঁতৰোৱা আয়ূসমান খুৰানা আকৌ ব্যতিক্ৰমঃ

ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ পিছত আকৌ এবাৰ কিছু কিছু পৰিমাণে হ’লেও নিজ কৰ্মৰ আৰম্ভণি কৰিছে অভিনেতা-অভিনেত্ৰী সকলে। শেহতীয়াকৈ আয়ূসমান খুৰানাইও এখন নিজ কৰ্মক্ষেত্ৰৰ ফটো শ্বেয়াৰ কৰে। “কেদাৰনাথ” ৰ পৰিচালক অভিষেক কাপুৰৰ সৈতে আহিবলগীয়া ছবিৰ মূখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব আয়ূসমান খুৰানাক; য’ত এজন “এথেলিট” ৰূপত দেখিবলৈ পোৱা যাব আয়ূসমানক। এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে জনাইছিল যে, “অভিষেক বৰ্তমানৰ ছবি ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম হৈ পৰিছে আৰু মই অত্যন্ত সুখী যে তেওঁৰ সৈতে কাম কৰাৰ মই সুবিধা পাইছো; এই প্ৰকল্পটো মোৰ হৃদয়ৰ কাষত। মৰম লগা এই প্ৰেমৰ কাহিনীভাগে দৰ্শকক আৱেগিক ৰাষ্টাৰে লৈ গৈ পৰিয়াল কেন্দ্ৰিক মনোৰঞ্জন প্ৰদান কৰিব।” আয়ূসমানে ইনষ্টাগ্ৰামত ফটো এখন শ্বেয়াৰ কৰিও কয় যে, “আকৌ এক নতুন ৰূপত দেখিবলৈ পাব মোক দৰ্শকে।”

হিৰো'ৰ ধাৰাবাহিক সংজ্ঞা আঁতৰোৱা আয়ূসমান খুৰানা আকৌ ব্যতিক্ৰমঃ 2
হিৰো'ৰ ধাৰাবাহিক সংজ্ঞা আঁতৰোৱা আয়ূসমান খুৰানা আকৌ ব্যতিক্ৰমঃ 3


পৰিচালক গৰাকীও আয়ূসমানৰ ছবিখনত থকা চৰিত্ৰটোক কেন্দ্ৰ কৰি কয় যে, “এই ছবিখনত দৰ্শকে আয়ূসমানৰ এক ৰোমাঞ্চক ব’ডি ট্ৰান্সফ’ৰমেছন দেখিবলৈ পাব।” আয়ূসমানে আপলোড কৰা ফটোখনতো আচলতে তেওঁৰ এই নতুন ৰূপটোৰ কিছু কিছু অংশ দেখিবলৈ পোৱা গৈছিল। সদায় নতুন নতুন তথা ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়েনেৰে দৰ্শকৰ কাষ চপাৰ প্ৰয়াস কৰা দেখিবলৈ পোৱা যায় আয়ূসমান খুৰানাক। “হিৰো” সংজ্ঞাৰ সলনি কৰি ধাৰাবাহিকতা আঁতৰোৱাৰ পিছতো জনপ্ৰিয়তা লাভ কৰা অভিনেতাৰ মাজৰ এজন হৈছে আয়ূসমান।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.