Rupaliparda.com
#BoycottKapilSharmaShow কপিল শৰ্মা শ্ব'- ক্ষোভিত জনসাধাৰণ 1

#BoycottKapilSharmaShow কপিল শৰ্মা শ্ব’- ক্ষোভিত জনসাধাৰণ

“দ্যা কপিল শৰ্মা শ্ব” ৰ শেহতীয়া খণ্ডটোক বয়ক’ট কৰাৰ এক ঢৌ উঠিছে চচিয়েল মিডিয়াত। ৪ অক্টোবৰ তাৰিখে সম্প্ৰচাৰিত হোৱা এই খণ্ডটোত আলহী হিচাপে উপস্থিত আছিল অভিনেতা মনোজ বাজপেয়ী আৰু পৰিচালক অনুভৱ সিনহা। আৰু, উক্ত খণ্ডটোতেই এক বিষয়বস্তুৰ ওপৰত কৰা কমেডীয়ে এতিয়া ট্ৰোলৰ সন্মুখীন কৰোৱাইছে শ্ব’টোক। আচলতে, শ্ব’টোৰ অন্যতম সদস্য ক্ৰমে কিকু শাৰদা আৰু কৃষ্ণা অভিষেকে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম ৰিপ্লাবিক টিভিৰ জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ নকল কৰি তেওঁৰ ওপৰত কমেডীৰ সৃষ্টি কৰে। ফলত, অৰ্ণৱ গোস্বামী আৰু সুশান্ত সিং ৰাজপুতৰ অনুৰাগীয়ে এই কথাটোক গ্ৰহণ কৰিব নোৱাৰি উক্ত শ্ব’টোক বয়ক’ট কৰা নিৰ্দ্দেশ দিয়ে। কমেন্ট সমূহত সকলোৱে এটাই কথাকে কয় যে সুশান্তৰ মৃত্যুৰ পিছত কোনো সংবাদ মাধ্যমে তেওঁৰ ওপৰত বিতং তথ্যৰে বাতৰি সম্প্ৰচাৰ কৰা নাছিল আৰু এনেক্ষেত্ৰত আগবাঢ়ি আহিছিল অৰ্ণৱ গোস্বামী। একাংশই এয়াও কয় যে কপিল শৰ্মাই বলীউড ড্ৰাগছ কেছৰ লগ দি মুভি মাফিয়াৰ সৈতে হাত মিলাইছে। কিছুদিন পূৰ্বে কপিল শৰ্মা শ্ব’টোৰ বিৰুদ্ধে মুকেশ খান্নাইও নিজ মন্তব্য প্ৰকাশ কৰে। #BoycottKapilSharmaShow ৰে এতিয়া ভৰিছে একাংশ টুইটাৰ একাউন্ট; ক্ষোভিত হৈছে জনসাধাৰণ।


উল্লেখ্য যে, কপিল শৰ্মাৰ এনে কাৰ্যত কেৱল মাত্ৰ সাংবাদিক অৰ্ণৱ গোস্বামীৰেই নহয়; ক্ষোভ প্ৰকাশ কৰিছে কপিল শৰ্মাৰো অনুৰাগীয়ে। এজন অনুৰাগীয়ে কয় যে “মই বিগত বহু বছৰ ধৰি কপিল শৰ্মা শ্ব’ চাই আহিছো কিন্তু এয়া বৰ দুখ লগা কথা যে, কপিল শৰ্মাই নিজৰ শ্ব’ত বৰ্তমান ৰাজনীতিক সাঙুৰি লৈছে।” শ্ব’টোত অৰ্ণৱ গোস্বামীক নকল কৰাৰ উপৰিও সাংবাদিক গৰাকীৰ কিছু ব্যৱহাৰ তথা কথাৰ হুবহু নকল কৰাত হতাশ হৈ পৰিছে শ্ব’টোৰ অনুৰাগী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.