Rupaliparda.com
আশ্বাস অনুযায়ী পালন কৰিছে কামঃ অংগৰাগ পাপন মহন্তৰ ন-ন গীত- 1

আশ্বাস অনুযায়ী পালন কৰিছে কামঃ অংগৰাগ পাপন মহন্তৰ ন-ন গীত-

ব্যক্তিগত ইউটিউব চেনেলত বৰ্তমান ইটোৰ পিছত সিটো গীতৰ মুক্তি দিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই। শেহতীয়াকৈ মুক্তি লাভ কৰা প্ৰতিটো গীতেই জনসাধাৰণৰ সমাদৰো লাভ কৰিছিল; “নীলাঞ্জনা” ৰ পৰা আৰম্ভ কৰি “নীৰৱতাৰ দাও গান” আৰু সদ্যমুক্তিপ্ৰাপ্ত “তোমাৰ কথা” গীতটিক লৈ সংগীত প্ৰেমী শ্ৰোতাৰো বহুল হেঁপাহ দেখিবলৈ পোৱা গৈছিল। তেওঁ কিছুদিন পূৰ্বে জনাইছিলো যে ইউটিউবত তেওঁ সক্ৰিয় হৈ নিজৰ গীত সমূহ জনসাধাৰণৰ মাজত উলিয়াই দিব। তেওঁ কয় যে, স্তব্ধতাৰ মাজতো শ্ৰোতা বা দৰ্শকৰ কাষ চপা মূল মাধ্যমটো বৰ্তমান ইউটিউব হৈ পৰিছে আৰু ইয়াতেই নিজৰ বিভিন্ন গীতক পুনৰ নতুন সংস্কৰণেৰে আপলোড কৰাৰ ব্যৱস্থা কৰিছে বুলি কন্ঠশিল্পী গৰাকীয়ে অনুৰাগীক জানিবলৈ দিছিল। অনুৰাগীক দিয়া আশ্বাস মৰ্মে তেওঁ এটাৰ পিছত এটাকৈ একাদিক্ৰমে কেইবাটাও গীত জনসাধাৰণৰ মাজত এৰি দিয়ে। ইয়াৰ ভিতৰত “নীলাঞ্জনা” শীৰ্ষক গীতটিয়ে অধিক সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছিল।

আশ্বাস অনুযায়ী পালন কৰিছে কামঃ অংগৰাগ পাপন মহন্তৰ ন-ন গীত- 2


কিছুদিন পূৰ্বে হোৱা মাতৃৰ মৃত্যুৰ পিছত তেওঁ আকৌ এবাৰ নিজ কৰ্মক্ষেত্ৰলৈ সক্ৰিয়ভাৱে আহিছে। বিগত ১৪ জুলাইৰ পৰা হাস্পাতালত ভৰ্তি হৈ আছিল পাপনৰ মাতৃ তথা কন্ঠশিল্পী অৰ্চনা মহন্ত। মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসাধীন হৈ আছিল কন্ঠশিল্পী গৰাকী। মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ লগতে বিভিন্ন কাম-কাজ সম্পন্ন কৰি পুনৰ বাৰ নিজ কৰ্মক্ষেত্ৰ খনলৈ যেন ঢাপলি মেলিছে কন্ঠশিল্পী গৰাকী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform