অসমীয়া দুই জনপ্ৰিয় শিল্পী গোষ্ঠীক যেতিয়া একেটা গীতৰ সৈতে দেখিবলৈ পোৱা যায় তেতিয়া আচলতে মুক্তি লাভ কৰা সেই গীতটো আৰু অধিক গ্ৰহণযোগ্য হৈ পৰে। শেহতীয়াকৈ, অসমীয়া সংগীত প্ৰেমী শ্ৰোতাৰ কাষ চপা এটি গীতত ৰাইজৰ বহুল উৎসাহ পৰিলক্ষিত হৈছে। একোটা বিষয়বস্তুক কেন্দ্ৰ কৰি যেতিয়া নিৰ্দ্দিষ্ট গীতৰ সৃষ্টি হয় তেতিয়া তাক আকোঁৱালি লোৱাও দেখিবলৈ পোৱা যায়। “কালটিভেটৰচ” নামৰ জনপ্ৰিয় শিল্পী গোষ্ঠী আৰু জনপ্ৰিয় ৰেপাৰ “মিনিমি” ৰ সহযোগিতাত মুক্তি লাভ কৰা “মোৰ দেশ” শীৰ্ষক এই গীতটিয়ে ইতিমধ্যে লাভ কৰিছে জনপ্ৰিয়তা। ঝাৰখণ্ডত হোৱা মাওবাদী সংঘৰ্ষত প্ৰাণ আহুতি দিয়া অসম সন্তান কমাণ্ডো উৎপল ৰাভাৰ দেশৰ প্ৰতি থকা শ্ৰদ্ধা-ত্যাগক উদ্দেশ্যিয়ে এই গীতটিৰ নিৰ্মাণ কৰি উলিওৱা হৈছিল। গীতটিত কন্ঠ অৰূপ জ্যোতি বৰুৱাৰ লগতে মিনিমিৰ; পৰিচালনা অৰূপজ্যোতি বৰুৱাৰ আৰু গীতটিত কথা ৰাহুল জ্যোতি শৰ্মাৰ। সংগীত ব্যৱস্থাপনা ইশানু আৰু অৰ্ণৱ বশিষ্ঠৰ। লগতে, প্ৰগ্ৰেমিং আৰু প্ৰডাকচন ইশানুৰ।
গীতাৰ ইশানুৰ আৰু বাঁহী বজাইছে মন্তু দাসে; লগতে গীতটিত খোল-ভোৰতাল বজাইছে জিতুল দাসে। কালটিভেটৰচ আৰু মিনিমিৰ প্ৰতিটো গীতেই এখন বাস্তৱ ছবিক প্ৰতিফলিত কৰে; ২০১৬ চনৰ পৰা এই ৰেপ ক্ষেত্ৰখনত খোজ পেলোৱা মিনিমিৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “মই খেতিয়ক” শীৰ্ষক গীতটিয়েও লাভ কৰিছিল সফলতা। “সংগ নহ’লে সংগীত নহয়” বুলি থকা কথাষাৰৰ ওপৰতেই বিশ্বাস কৰিয়েই অৰূপ জ্যোতি বৰুৱাই আন কেইবাগৰাকীও উদীয়মান শিল্পীক লগত লৈ “Cultivators” নামে বেণ্ডৰ গঠন কৰি কামসমূহ আৰম্ভ কৰিবলৈ লৈছিল।


সামাজিক, ৰাজনৈতিক ক্ষেত্ৰখনৰ সম্প্ৰতি পৰিস্থিতিৰ বিভিন্ন ঘটনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা একোটা সংগীতে প্ৰায়ে জনসাধাৰণৰ ধ্যান আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। থলুৱা সংগীতৰ সৈতে ইলেক্ট্ৰনিক সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত থকা অৰূপ জ্যোতি বৰুৱাৰ পাৰদৰ্শিতাই আচলতে গীত সমূহ আৰু অধিক উপভোগ্য কৰি তোলে।
Add comment