Rupaliparda.com
বিচনাত শুব পৰা নাছিল ৰিয়া চক্ৰৱৰ্তীৰ মাতৃ সন্ধ্যাঃ 1

বিচনাত শুব পৰা নাছিল ৰিয়া চক্ৰৱৰ্তীৰ মাতৃ সন্ধ্যাঃ

বিগত ২৮ দিন ধৰি ন্যায়িক জিম্মাত থকা ৰিয়া চক্ৰৱৰ্তীয়ে জামিন লাভ কৰিছে। জামিন লাভ কৰা পিছতেই অভিনেত্ৰী গৰাকীৰ পক্ষত বিভিন্ন জন তাৰকাই মন্তব্য কৰে আৰু চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ই। অভিনেত্ৰী গৰাকীৰ জামিনৰ কথা জানিবলৈ পাই অভিনেত্ৰী গৰাকীৰ মাতৃও কান্দোনত ভাগি পৰে আৰু নিজ সন্তান গৰাকী জিম্মাত থকা সময়ছোৱাত তেওঁ কেনেদৰে দিন পাৰ কৰিছিল তাৰ বিষয়ে এক সাক্ষাৎকাৰ যোগে ব্যক্ত কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰিয়া চক্ৰৱৰ্তীৰ মাতৃয়ে কয় যে ৰিয়া এগৰাকী যুঁজাৰু আৰু কঠোৰ ছোৱালী। মাতৃ সন্ধ্যা বৰ্তমান এক প্ৰশ্নৰ সন্মুখীন হৈছে যে, “ৰিয়াই তেওঁৰ লগত হোৱা মিছা বদনামৰ সৈতে কেনেদৰে যুঁজিব! ৰিয়া জেলৰ পৰা বাহিৰ ওলাই আহিছে যদিও বৰ্তমানেও এই সন্ত্ৰাস মাৰ যোৱা নাই। আমাৰ ঘৰৰ কলিং বেলটো বজিলে আমাৰ ভয় লাগে যে কোন আহিছে! বহু ৰিপোৰ্টাৰে চি বি আই বুলি নিজক চিনাকী দি আমাৰ বিল্ডিঙলৈ সোমাই আহে; শেষত আমি উপায়হীন হৈ ঘৰৰ বাহিৰত চি চি টিভি লগাবলৈ বাধ্য হৈছিলো। মোৰ ছোৱালী জেলত থকা বুলি গম পাই মই চিন্তাত হাবাথুৰি খাইছিলো।”

বিচনাত শুব পৰা নাছিল ৰিয়া চক্ৰৱৰ্তীৰ মাতৃ সন্ধ্যাঃ 2
বিচনাত শুব পৰা নাছিল ৰিয়া চক্ৰৱৰ্তীৰ মাতৃ সন্ধ্যাঃ 3


তেওঁ আগলৈ কয় যে, “মোৰ ছোৱালী জেইলত আছে কাৰণে মই বিচনাত শুব পৰা নাছিলো।” উল্লেখ্য যে, ৰিয়াক তেওঁ সতীৰ্থ কিছুৱে জেইলৰ বাহিৰৰ পৰা লৈ সাত্ৰাকুঞ্জত থকা বাসগৃহত তেওঁক থৈ আহে। শেহতীয়াকৈ ৰিয়াৰ ওচৰ চুবুৰীয়াই মন্তব্য কৰিছিল যে ১৩ জুন তাৰিখে ৰিয়াক সুশান্তৰ সৈতে দেখিছিল। কিন্ত এই কথাক মিছা আখ্যা দি সন্ধ্যা চক্ৰৱৰ্তীয়ে কয় যে, “তেওঁ কিয় এনেবোৰ কথা কয় আছে মন নাজানো কিন্তু এটা কথা জানো যে তেওঁ সুশান্তৰ বহু ডাঙৰ অনুৰাগী। তেওঁ দুই তিনিবাৰ সুশান্তক লগ পাবলৈও আহিছিল।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.