Rupaliparda.com
সমাপ্ত হৈছে "ইশানী মলয়া" ৰ বাণীবন্ধনৰ কামঃ অতিশীঘ্ৰে পাব মুক্তি- 1

সমাপ্ত হৈছে “ইশানী মলয়া” ৰ বাণীবন্ধনৰ কামঃ অতিশীঘ্ৰে পাব মুক্তি-

সমাজৰ কিছু গুৰুত্বপূৰ্ণ বিষয় আৰু এই সন্দৰ্ভত নৱপ্ৰজন্মৰ মন্তব্য জানিবলৈ সকলোৱে চেষ্টা কৰে। নৱপ্ৰজন্মৰ প্ৰতিভাৱান একাংশই এনে হৃদয়স্পৰ্শী বিষয়বস্তুক লৈ কবিতা, সংগীত নাইবা কেতিয়াবা কিছুমান প্ৰৱন্ধৰে বুজাই দিয়ে সকলো। এনে কিছুমান সৃষ্টিৰ অথবা উক্ত বিষয়সমূহক লৈ ৰচিত গীত-মাত সমূহৰ প্ৰচাৰৰ মানদণ্ড অতি কম যদিও ইয়াক যি অংকৰ জনসাধাৰণে উপভোগ কৰে তেওঁলোকৰ বাবে এই সৃষ্টি সমূহ তেওঁলোকৰ “আপোন প্লে লিষ্ট” খনত অন্তৰ্ভূক্ত হৈ পৰে। “Ridip Abhilash Craftlet”; এই নামটো সৰ্বাধিক জনপ্ৰিয়তাৰ অধিকাৰী নহ’লেও এওঁলোকৰ দ্বাৰা হোৱা সৃষ্টি সমূহে বৰ্তমান আকৰ্ষণ কৰিছে সচেতন নাগৰিকক। বিগত কেইবাটাও গীতৰ মুক্তিৰ পিছৰ আকৌ এবাৰ আন এটা গীতৰ বাবে সাজু হৈছে উক্ত প্ৰতিভাৱান যুৱ প্ৰজন্মৰ গ্ৰুপটো। উক্ত প্ৰডাকচন হাউচৰ আহিবলগীয়া এই গীতটোৰ ইতিমধ্যে বাণীবন্ধনৰ কাম সমাপ্ত হৈছে। গীতটিৰ নাম হৈছে “ইশানী মলয়া”; উল্লেখ্য যে, তেওঁলোকৰ দ্বাৰা সৃষ্ট গীতসমূহত ব্যৱহৃত কথাই এই সমূহক আৰু অধিক উপভোগ্য কৰি তোলে জনসাধাৰণৰ বাবে। একাংশ তথাকথিত গীতৰ সমান্তৰালকৈ সৃষ্টি হোৱা কিছু এনে গীতৰ প্ৰয়োজনীয়তা আচলতে সমাজখনৰ নাগৰিকে অনুভৱ কৰে।

সমাপ্ত হৈছে "ইশানী মলয়া" ৰ বাণীবন্ধনৰ কামঃ অতিশীঘ্ৰে পাব মুক্তি- 2
সমাপ্ত হৈছে "ইশানী মলয়া" ৰ বাণীবন্ধনৰ কামঃ অতিশীঘ্ৰে পাব মুক্তি- 3


প্ৰেম সংজ্ঞাহীন অথবা ইয়াক লৈ নিৰ্দ্দিষ্ট এক কথা কোনোৱে হয়টো প্ৰকাশ কৰিব নোৱাৰে। মানৱ শৰীৰত এফালে য’ত প্ৰেমে বাস কৰে আনফালে ইয়াত ৰাক্ষসৰ অৱস্থিতিও থাকে। প্ৰেমত ইমান অধিক শক্তি থাকে যে ই ৰাক্ষস প্ৰকৃতিৰ নাশ কৰিব পাৰে কিন্তু এই কথাটোক যদি ওলোটাই দিয়া তেতিয়াহ’লে ক’ব লাগিব যে ৰাক্ষসৰ অৱস্থিতি গাঢ় হ’লে ই আগ্ৰাসনত ল’ব পাৰে প্ৰেমক আৰু সম্পূৰ্ণ নাশ হ’ব পাৰে এজন ব্যক্তিৰ। এনে এক বিষয়বস্তুক লৈয়ে ৰচনা কৰা হৈছে “ইশানী মলয়া”। উক্ত গীতটিৰ কথা তথা ইয়াত বিষয়বস্তু আৰু পৰিচালনা অভিলাস দাসৰ। লগতে, গীতটিত কন্ঠদান কৰিছে প্ৰিয়াক্ষী পাচনীৰ আৰু ৰিদিপ লহকৰে। গীতটিৰ কভাৰ আৰ্ট সুমন গোস্বামী আৰু ৰক্তিম ভূঞা। ভিডিঅ’ প্ৰডাকচন আৰু পৰিচালনা ৰক্তিম ভূঞাৰ।


ইয়াৰ উপৰিও, উক্ত প্ৰডাকচন হাউচৰ বেনাৰত আন কেইবাটাও গীত নিৰ্মাণ কৰা হৈছে। গীতকেইটা হৈছে ক্ৰমে “দিহিং-পাটকাই”, “তেজা”, “ভাগৰৰ দিনলিপি” আৰু “যাবাগৈ”। গীতকেইটিয়ে ইতিমধ্যে লাভ কৰিছে একাংশ জনসাধাৰণৰ মাজত জনপ্ৰিয়তা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform