অসমীয়া ধাৰাবাহিক সমূহৰ বৰ্তমানৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। “অস্ত আকাশৰ জোন” শীৰ্ষক ধাৰাবাহিকখনৰ বিষয়ে আপোনালোক নিশ্চয় জ্ঞাত। ধাৰাবাহিকখনৰ কাহিনীৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰতিটো চৰিত্ৰক লৈ দৰ্শকৰ এক বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা গৈছে। প্ৰণৱ বিবেকৰ পৰিচালনাৰে নিৰ্মিত এই ধাৰাবাহিক খনত দুই ভগ্নীৰ আৱেগ তথা দুই প্ৰেমাস্পদৰ মাজৰ অফুৰন্ত মৰম ভালপোৱাক উপস্থাপন কৰা হৈছে। ইয়াত “আস্থা” শীৰ্ষক চৰিত্ৰটো ৰূপায়ন কৰিছে অভিনেত্ৰী শিল্পীশিখা দেৱীয়ে। এগৰাকী নম্ৰ তথা শিক্ষিত নাৰীৰ চৰিত্ৰৰ মাজেৰে পৰিয়ালৰ সকলোৰে কথা ভাৱি চলা এই আস্থাৰ মাজেৰে কৰা শিল্পীশিখাৰ উপস্থাপন শৈলীয়ে ধাৰাবাহিকখন আৰু অধিক উপভোগ্য কৰি তুলিছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া শিল্পীশিখাক তেওঁৰ অভিনয় ক্ষেত্ৰত কৰা আৰম্ভণিৰ বিষয় সোধাত তেওঁ কয় যে, “অভিনয় ক্ষেত্ৰখনৰ সৈতে মই প্ৰায় ২০১২-১৩ চন মানৰ পৰাই জড়িত যদিও মনত সদায়েই এনেকুৱা এটা ভাব থাকি যায় যে মই একেবাৰে নতুন। কেৱল এটা মাত্ৰ আশা ৰাখিছো যে, নিজৰ বুলি ভাবি লোৱা এই ক্ষেত্ৰখনত আহিবলগীয়া সময়ত যাতে মোৰ অস্তিত্ব আৰু বহুলভাৱে ৰাখিব পাৰো; কাৰণ মই ভাবোঁ, মানুহে কামেৰে নিজৰ পৰিচয় দিয়াৰ লগতে মনেৰেও দিয়াতো উচিত।” অভিনেত্ৰী গৰাকীৰ পৰা এজন “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “এদিন মোক এজন মানুহে মোৰ নামটো সোধাত যেতিয়া ক’লো শিল্পীশিখা বুলি ক’লো, তেতিয়া মানুহ জনে কৈছিল, “শিল্পী তুমি তিনিও কালৰ। অতীত, বৰ্তমান আৰু ভবিষ্যতৰ।”
আগলৈ তেওঁ কয় যে, “সেই কথাষাৰিয়ে মোৰ বুকুখনত খুব দ সাঁঁচ এটা দি গ’ল। লাহে লাহে এই জগত খনত সাঙুৰ খোৱাৰ পিছত বুজিলো সেই কথাষাৰৰ মহত্ব কি আচলতে যে “শিল্পী” হ’লেই নহ’ব; “শিল্পী”ৰ অস্তিত্ব মনত সদায় পুঁহি ৰাখিব লাগিব। নিজক শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলো পৰিস্থিতিতে সকলোৰে লগত মিলিব পাৰিব লাগিব। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা, “শিল্পী” মানেনো প্ৰকৃততে কি সেইটো বুজিব লাগিব। আৰু মই ভাবোঁ, শিল্পীয়ে লাগিলে মনেৰে আকাশকেই নোচোৱক কিয় ভৰি সদায় মাটিত থকাটো উচিত; মোৰ দৃষ্টিত সেয়াই এগৰাকী শিল্পীৰ ধৰ্ম।” শিল্পীশিখাৰ ধাৰাবাহিকখনত থকা চৰিত্ৰটো তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে কিমান মিল আছে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “অস্ত আকাশৰ জোন ধাৰাবাহিকত মই ৰূপায়ন কৰা “আস্থা” চৰিত্ৰটো এটা কাল্পনিক চৰিত্ৰ। মোৰ ব্যক্তিগত জীৱনত মই এটা বেলেগ ভূমিকা পালন কৰোঁ। তথাপিও, মই এইটো ক’ব নোৱাৰোঁ যে আস্থাৰ শিল্পীশিখাৰ লগত একেবাৰে মিল নাই; আছে, যথেষ্ট আছে। চৰিত্ৰ টোৰ জৰিয়তে দৰ্শকক এয়াই বুজাবলৈ বিচৰা হৈছে যে প্ৰেমৰ কোনো অন্ত নাই।
য’ত আমি আচলতে প্ৰেম শেষ হোৱা বুলি ভাবোঁ নাইবা শেষ কৰিব বিচাৰোঁ, তাতো আমি নজনাকৈয়ে হয়তো প্ৰেমৰ জন্ম হয়। যাৰ বাবে নিজৰ কাৰণে নাইবা আমাৰ আপোনজনৰ সুখৰ কাৰণে ত্যাগকেই একমাত্ৰ উপায় বুলি লওঁ। কিন্তু টেলিভিছন-স্ক্ৰিনত দেখুওৱাৰ দৰে মানুহৰ জীৱন নহয়। মই এগৰাকী সাধাৰণ নাৰীৰ জীৱন এটা বিচাৰোঁ; জীৱনটোও মোৰ তেনেকুৱাই সাধাৰণ। দুখ কষ্ট সকলোৰে জীৱনত থকাৰ দৰে মোৰো জীৱনত আছে। হেজাৰ কষ্ট, মানুহৰ অৱহেলা নেওঁচি আহিছো এই জীৱনটোত। হয়তো, এতিয়াও বাস্তবৰ লগত যুঁজি আছোঁ মই। মানুহে শুনোৱা নেতিবাচক সমালোচনাৰ পৰা নিজক আঁতৰাই ৰাখিব চেষ্টা কৰিছোঁ। প্ৰতিটো খোজ যেন জীৱনটোত ফুৱাই দিবলগীয়া হয় আঘাত নোপোৱাৰ আশাত। তৎস্বত্বেও হেলাৰঙে ওঁঠত হাঁহি ৰাখি সমস্যা বোৰ উজু কৰিবলৈ চেষ্টা কৰোঁ সদায়; জীৱনটো প্ৰতিদিনে নতুনকৈ আৰম্ভ কৰিবলৈ চাওঁ পৰাপক্ষত। গতিকে ক’ব পাৰি যে, কিছু কিছু ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ শিল্পী জনীৰ সৈতে আস্থাৰ মিল নথকাও নহয়।”
Add comment