Rupaliparda.com
জুবিন গাৰ্গৰ "চিলা" ক লৈ অপেক্ষাৰত অনুৰাগীঃ 1

জুবিন গাৰ্গৰ “চিলা” ক লৈ অপেক্ষাৰত অনুৰাগীঃ

জুবিন গাৰ্গৰ প্ৰতিটো বস্তুৱে প্ৰতিজন দৰ্শক-শ্ৰোতাক আপ্লুত কৰে; তেওঁৰ আহিবলগীয়া প্ৰকল্পক লৈ তেওঁতকৈ অধিক উৎসাহী হৈ থাকে তেওঁৰ বহুল অংকৰ অনুৰাগী। অনামিকা”, “পাখি” তথা বৰ্তমানেও তেওঁৰ কন্ঠৰে মুক্তি প্ৰাপ্ত প্ৰতিটো গীতত থাকে এক অজান শিহৰণ; যিয়ে চুই যায় সংগীত প্ৰেমী শ্ৰোতাক। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেক গৰাকী ব্যক্তিয়ে জুবিন বলীয়া; তেওঁৰ কৰ্মৰ সমালোচনা হ’লেও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমানেই বৃহৎ যে এই সমালোচনাই অলপতে মুখ থেকেচা খাই পৰে। জুবিন গাৰ্গ ব্ৰেণ্ড বুলি এনেই কয় পেলোৱা নহয়; ইয়াৰ আঁৰতো যথেষ্ট কাৰণ অন্তৰ্নিৰ্হিত হৈ আছে। সংগীতশিল্পী ৰূপে যে কেৱলমাত্ৰ সংগীততেই তেওঁ মনোনিৱেশ কৰিছে আচলতে তেনে নহয়; প্ৰতিটো সময়তে সমাজৰ হকে চিন্তা কৰা, ৰাইজৰ হাত ধৰি থিয় হোৱা এগৰাকী “প্ৰকৃত শিল্পী” ৰ মাজৰ এজন হৈছে জুবিন গাৰ্গ। আহিবলগীয়া সময়ত মুক্তিপাবলগীয়া তেওঁৰ প্ৰকল্পটোৰ নাম হৈছে “চিলা”; বিগত কেইবাদিনৰ পৰাই জুবিন গাৰ্গে ইয়াক লৈ বিভিন্ন পোষ্ট অথবা ফটো শ্বেয়াৰ কৰি আহিছিল।

https://www.instagram.com/p/CGHcQMXn7WF/?utm_source=ig_web_copy_link

জুবিন গাৰ্গৰ "চিলা" ক লৈ অপেক্ষাৰত অনুৰাগীঃ 2


বিতংকৈ বৰ্তমানেও প্ৰকাশ হোৱা নাই যদিও প্ৰকল্পটোৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। চলিত বৰ্ষত যুঁটীয়া ভাৱে বিভিন্নটা গীতে মুক্তি লাভ কৰিছে যদিও জুবিনৰ একক কন্ঠত গীত শুনিবলৈ যথেষ্ট পৰিমাণে অপেক্ষাৰত জনসাধাৰণ। নৱপ্ৰজন্মৰ একাংশই জুবিন গাৰ্গৰ সৈতে কন্ঠদান কৰাক লৈ কৰা ভৱিষ্যৎ পৰিকল্পনাই আচলতে বুজাই দিয়ে যে জুবিন বৰ্তমানেও কিমান জনপ্ৰিয় অথবা তেওঁক এতিয়াও যে অধিকাংশ যুৱপ্ৰজন্মই অনুসৰণ কৰি আছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.