Rupaliparda.com
য'ত ৰিয়াক দিয়া হৈছে সাহসী নাৰীৰ আখ্যা তাতেই সুশান্তৰ ভগ্নীৰ "ধৈৰ্য্য" ৰ আহ্বানঃ 1

য’ত ৰিয়াক দিয়া হৈছে সাহসী নাৰীৰ আখ্যা তাতেই সুশান্তৰ ভগ্নীৰ “ধৈৰ্য্য” ৰ আহ্বানঃ

ৰিয়া চক্ৰৱৰ্তী জামিনৰ পিছত বিভিন্ন জনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চচিয়েল মিডিয়াত। য’ত এফালে পোনপ্ৰথমবাৰৰ বাবে ৰিয়াৰ মাতৃয়ে খুলি কথা কৈছে তাতেই আকৌ ৰিয়াৰ জামিনত মন্তব্য কৰিছে সুশান্ত সিং ৰাজপুতৰ ভগ্নী স্বেতা সিং কৃতিয়ে। ৰিয়াৰ মাতৃয়ে নিজ জীয়ৰীক লৈ বহুল প্ৰশংসা কৰাৰ লগতে কয় যে ৰিয়া এগৰাকী যুঁজাৰু আৰু অত্যন্ত সাহসী নাৰী। মাতৃগৰাকী আচলতে চিন্তাটো ভাগি পৰে যে ইমানবোৰ “মিছা বদনাম” ৰ ভাগী হোৱা পিছত আহিবলগীয়া সময়ত হ’বলগা পৰিস্থিতিৰ সৈতে ৰিয়াই কেনেদৰে যুঁজ দিব! আনহাতে, ৰিয়াৰ জামিনক লৈ স্বেতাই সুশান্তৰ অনুৰাগীক উদ্দেশ্যি ক’লে যে, “আমি বৰ্তমানো আটাইবোৰ প্ৰশ্নৰ উত্তৰ যদিও নাই পোৱা; তথাপিও আমাৰ ওচৰত ধৈয্য, বিশ্বাস, সাহস আৰু ভগৱান আছে।” ভগ্নী স্বেতাই উক্ত কেপছনটোৰ সৈতে এখন ফটোও শ্বেয়াৰ কৰে য’ত লিখা থাকে,

য'ত ৰিয়াক দিয়া হৈছে সাহসী নাৰীৰ আখ্যা তাতেই সুশান্তৰ ভগ্নীৰ "ধৈৰ্য্য" ৰ আহ্বানঃ 2
য'ত ৰিয়াক দিয়া হৈছে সাহসী নাৰীৰ আখ্যা তাতেই সুশান্তৰ ভগ্নীৰ "ধৈৰ্য্য" ৰ আহ্বানঃ 3


“আধ্যাত্মিক যাত্ৰাৰ দুটা কঠিন পৰীক্ষা- এটা হ’ল সঠিক সময়ৰ অপেক্ষা আৰু আনটো হ’ল যিয়ে সমুখলৈ নাহে কিয় তাক সাহসেৰে পাৰ কৰা।” ৰিয়াৰ জামিন লগতে এইমছৰ ঘোষণাক লৈ সুখী নহয় সুশান্তৰ পৰিয়াল। তেওঁলোকৰ অধিবক্তাই আনকি এইমছৰ চিকিৎসকৰ ওপৰতো চিবিআই তদন্তৰ কথা ব্যক্ত কৰে। অভিনেত্ৰী ৰিয়াৰ জামিনক লৈ অথবা তেওঁৰ পক্ষত বলীউডৰ অধিকাংশ অভিনেতা অভিনেত্ৰীয়ে মাত মাতিছে। তাপসি পান্নুৰ পৰা আৰম্ভ কৰি হুমা কুৰেশীলৈ প্ৰত্যেকেই ৰিয়াৰ পক্ষত থিয় দিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.