Rupaliparda.com
"লক্ষ্মী বোম্ব" ৰ ট্ৰেইলাৰৰ পৰা গোপন হ'ল "লাইক-ডিচলাইক" ৰ সংখ্যাঃ 1

“লক্ষ্মী বোম্ব” ৰ ট্ৰেইলাৰৰ পৰা গোপন হ’ল “লাইক-ডিচলাইক” ৰ সংখ্যাঃ

বলীউডত চলি থকা নেপোটিজিম আৰু ড্ৰাগছ কেছৰ চৰ্চাৰ মাজত অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি “লক্ষ্মী বোম্ব” ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। ট্ৰেইলাৰটোৰ ওপৰত বৰ্তমানলৈ অধিকাংশ লোকে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যদিও ট্ৰেইলাৰটোৰ পৰা গোপন কৰি ৰখা হৈছে লাইক আৰু ডিচলাইকৰ সংখ্যা। ইয়াৰ পৰা পোনপটীয়াকৈ গম পোৱা যায় বয়ক’ট কৰা ভয়ত ছবিখনৰ পৰা আঁতৰাই ৰখা হৈছে লাইক-ডিচলাইকৰ সংখ্যা। “নেপোটিজিম” প্ৰসংগৰ আঁত ধৰি ইতিমধ্যে “সড়ক ২” আৰু “খালী পিলী” ছবিখনে লাভ কৰিছে বহুল জনসাধাৰণৰ ঋণাত্মক মন্তব্য। সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ মতে বলীউড ক্ষেত্ৰখনত চলা “নেপোটিজিম” ৰ বাবে অতি কম সময়তে সুশান্তে মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছিল; ইয়াৰ পূৰ্ণ প্ৰভাৱ “সড়ক ২” ছবিখনৰ ওপৰত পৰা ফলতেই ইয়াৰ ট্ৰেইলাৰ আটাইতকৈ “ডিচলাইক” হোৱা ভিডিঅ’ ৰূপে পৰিগণিত হৈছিল। এই ঘটনাৰ পুনৰাবৃত্তি নহওঁক বুলি ভাবিয়েই হয়টো “লক্ষ্মী বোম্ব” ৰ পৰা ভিডিঅ’ৰ পৰা গোপন কৰা হৈছে “লাইক- ডিচলাইক” ৰ সংখ্যা।

"লক্ষ্মী বোম্ব" ৰ ট্ৰেইলাৰৰ পৰা গোপন হ'ল "লাইক-ডিচলাইক" ৰ সংখ্যাঃ 2


কিছুদিন পূৰ্বে অক্ষয় কুমাৰে বলীউড তাৰকাৰ “চাপোৰ্ট” ত এটি ভিডিঅ’ আপলোড কৰা পিছতেই তেওঁৰ এই ছবিখনক বয়ক’ট কৰাৰ ঢৌ উঠিছিল চচিয়েল মিডিয়াত।ভিডিঅ’ যোগে কয় যে, ” এনে নহয় যে বলীউডৰ সৈতে জড়িত প্ৰতিজন তাৰকাই ড্ৰাগছ লয়। বলীউডত ড্ৰাগছ প্ৰব্লেম নতুন নহয় যদিও এয়াও সম্ভৱ নহয় যে ইয়াত সকলোৱে ড্ৰাগছ ল’ব।” ভিডিঅ’টোৰ পিছত একাংশ বলীউড তাৰকাই অক্ষয় কুমাৰৰ লগ দিয়ে; কিন্তু আন একাংশ জনসাধাৰণে অক্ষয় কুমাৰৰ এই ভিডিঅ’টোৰ যথেষ্ট বিৰোধিতা কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.