অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত বহু নতুন প্ৰতিভাৰ অন্তৰ্ভূক্তিৰ কথা আমি ইতিমধ্যে আপোনালোকক জনাইছো অথবা আপোনালোকে নিজেও সেয়া দেখিবলৈ পাইছে। শেহতীয়াকৈ এই ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হৈছে একাংশ নৱপ্ৰজন্মৰ স্বাধীন পৰিচালক। চুটি ছবিৰে আৰম্ভণি কৰা এই পৰিচালক সমূহৰ সৃষ্টি সমূহে আচলতে সঁহাৰি নোপোৱাকৈও থকা নাই। তেওঁলোকৰ কাহিনী সমূহে জনসাধাৰণক বহুল ভাৱে আকৰ্ষণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে স্বীকৃতি পাবলৈ সক্ষম হৈছে। এনে এজন নৱপ্ৰজন্মৰ পৰিচালকৰ নাম হৈছে মানৱ জ্যোতি বৰুৱা; তেওঁৰ দ্বাৰা নিৰ্মিত দুখন চুটি ছবি ক্ৰমে “অপৰাহ্ন” আৰু “গ্ৰহণ” ৰ কাহিনীয়ে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও পৰিচালনাৰ দিশতো ইয়াক গ্ৰহণ কৰিছিল একাংশ জনসাধাৰণে।

আজি দেওঁবৰীয়া ৰূপালীপৰ্দাত আমি তেওঁৰ সৈতে পাতিছিলো কিছু কথা। চাওঁচোন আহকঃ
প্ৰশ্নঃ পৰিচালনা ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত?
মানৱ জ্যোতি বৰুৱাঃ মনোৰঞ্জন ক্ষেত্ৰখন সদায় প্ৰিয় আছিল; কিন্তু নিজক এই জগত খনৰ সৈতে চিনাকী কৰোৱাবলৈ অধ্যয়নৰ প্ৰয়োজন আছিল। অইন পৰিচালকে কেনেদৰে কাম সমূহ সম্পাদন কৰে সেইবোৰ পুংখানুপুংখভাৱে চোৱাৰ চেষ্টা কৰিছিলো অথবা তাৰ পৰা কিবা এটা সংগ্ৰহ কৰাৰ ইচ্ছা মোৰ আছিল আৰু সদায় থাকিব। পৰিচালনা ক্ষেত্ৰখনত মই ২০১৭ চনৰ পৰা পেছাগত ভাৱে জড়িত; ঝুলন কৃষ্ণ মহন্ত ছাৰৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰি মই তেওঁৰ পৰা অত্যন্ত শিক্ষা লাভ কৰিছিলো পৰিচালনাৰ দিশটোত। তাৰ পিছত, ২০১৮ চনত মই প্ৰথমটো গীত পৰিচালনা কৰিছিলো; পিছলৈ ২০১৯ চনত মোৰ প্ৰথমখন চুটি ছবি “অপৰাহ্ন” ই মুক্তি লাভ কৰিছিল। চুটি ছবিখনে ইতিমধ্যে কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰশ্নঃ ভৱিষ্যতে কোন গৰাকী অভিনেতা/ অভিনেত্ৰীৰ সৈতে কাম কৰাৰ ইচ্ছা?
মানৱ জ্যোতি বৰুৱাঃ এনেদৰে কৰা প্ৰশ্নটোৰ উত্তৰটো দিবলৈ হ’লে তালিকাখন যথেষ্ট দীঘলীয়া হ’ব; মোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগৰাকী অভিনেতাৰ সৈতে কাম কৰাৰ খুব ইচ্ছা আছে। ভৱিষ্যতে হয়টো কেতিয়াবা সৰুকৈ হ’লেও তেওঁলোকৰ সৈতে কাম কৰাৰ সুবিধা লাভ কৰিব পাৰো। এগৰাকী হ’ল মনোজ বাজপেয়ী আৰু আনজন কে কে মেনন; এওঁলোকৰ কাম তথা অভিনয় বহুলভাৱে প্ৰশংসনীয়। আৰু এগৰাকী আছিল ইৰফান খান, তেওঁৰ সৈতে কাম কৰা ইচ্ছা আছিল যদিও এতিয়াটো এয়া বাৰু সম্ভৱ নহয়। কিন্তু, মেনন আৰু মনোজ বায়পেয়ীক মই চাই ভাল পাওঁ; মোক তেওঁলোকৰ ডাঙৰ অনুৰাগী বুলি ক’লেও হয়টো ভুল নহ’ব।
প্ৰশ্নঃ আগন্তুক চুটি ছবিৰ পৰিকল্পনা?
মানৱ জ্যোতি বৰুৱাঃ বৰ্তমানলৈ তেনে কোনো চুটি ছবিৰ পৰিকল্পনা কৰা নাই; “লক-ডাউন” আৰম্ভ হোৱাৰ পূৰ্বে এখন চুটি ছবিৰ শ্বুটিং আৰম্ভ কৰিছিলো যদিও সেয়া পিছলৈ স্তব্ধ হৈ পৰিল। মাত্ৰ এটা দিনৰ চিড্যুল ৰৈ গৈছিল গতিকে আহিবলগীয়া সময়ত এইখন সম্পূৰ্ণ কৰিম। ইয়াৰ বাহিৰেও, আমাৰ ফালৰ পৰা এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰহে পৰিকল্পনা কৰি থকা হৈছে। চলিত বৰ্ষতে প্ৰডাকচনৰ কামবোৰ আৰম্ভ হোৱাৰ কথা আছিল যদিও সেয়া কিছু কাৰণবশতঃ কৰা হোৱা নাই।অতি সোনকালেই কাম সমূহ আৰম্ভ কৰা হ’ব।

প্ৰশ্নঃ আপোনাৰ মতে, সঁচা অৰ্থত “শিল্পী” মানে কি?
মানৱ জ্যোতি বৰুৱাঃ পোনপটীয়াভাৱে ইয়াৰ সঠিক উত্তৰটো আচলতে দিব পৰা নাযাব। বৰ্তমানলৈ মই “শিল্পী” হ’ব পৰা নাই গতিকে “শিল্পী” মানেনো কি তাৰ উত্তৰ দিয়াটো অকণমান টান হৈ পৰে। তথাপিও, যিসমুহ ব্যক্তি যিকোনো এটা শিল্প কলাৰ লগত জড়িত হৈ থাকে আৰু সেই বিশেষ কলাৰ সধনা কৰে আৰু তেখেতসকলে কৰি উলিয়াব পৰা শিল্প সমূহ এক দীঘলীয়া সময়লৈ থাকি যায় বা চিৰস্থায়ী হয় তেনে লোকক হে মই প্ৰকৃত শিল্পী বুলি ভাবো। আমিতো দৈনন্দিন জীৱনত বহুতো অভিনয়, গান, নৃত্য, ছবি আদি দেখি থাকো কিন্তু তাৰে সৰহ সংখ্যাকে আমি অতি কম সময়ৰ ভিতৰতে পাহৰিও যাওঁ। গতিকে প্ৰকৃত শিল্পৰ সাধক সকলকহে মই “শিল্পী” বুলি ভাবো।

প্ৰশ্নঃ “লক-ডাউন” ৰ সময়ছোৱাত নিজৰ মাজত কিবা নতুনৰ অনুভৱ কৰিছেনে?
মানৱ জ্যোতি বৰুৱাঃ “লক-ডাউন” ৰ আৰম্ভণিৰ সময়ছোৱাত এটা বৰ ভাল লগা কথা হৈছিল যে আমি প্ৰত্যেকগৰাকী ঘৰতে থাকি এখন চুটি ছবি “গ্ৰহণ” নিৰ্মাণ কৰি উলিয়াইছিলো। আমি কোনেও কাকো লগ পোৱা নাছিলো যদিও চুটি ছবিখন সুন্দৰ ৰূপত ৰাইজৰ মাজলৈ ওলাই আহিছিল; ইয়াৰ লগতে চুটি ছবিখন তিনিখনকৈ ফিল্ম ফেষ্টিভেলত অফিচিয়েল চিলেকচন লাভ কৰিছিল। ইয়াৰ পৰা মই এটাই কথা বুজিছিলো যে যেতিয়া কোনো এটা “কৰ্ম” ৰ প্ৰতি সকলোৰে মনত শ্ৰদ্ধা থাকে তেতিয়া যিকোনো পৰিস্থিতিত যেনেদৰে হ’লেও কামটোক সম্পূৰ্ণ কৰিব পৰা যায়।

ৰূপালীপৰ্দাঃ ধন্যবাদ মানৱ। আগন্তুক পৰিকল্পনা সফল হোৱাৰ কামনাৰে………
মানৱ জ্যোতি বৰুৱাঃ ধন্যবাদ ৰূপালীপৰ্দা; মোক এইখিনি সুযোগ দিয়াৰ বাবে…
Add comment