আপোনালোকেও বৰ্তমানৰ নতুন গীত সমূহক লৈ এক নতুন ঢৌৰ সৃষ্টি হোৱা কথাটো নিশ্চয় অনুভৱ কৰিছে। Electronic Dance Music চমুকৈ “EDM” ৰ বৈশিষ্ট্যৰে যিসমূহ ন-ন গীতৰ সৃষ্টি হৈছে সেই আটাইবোৰে বৰ্তমান সময়ত সংগীতৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছে। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম; এই পৰিৱৰ্তন সমূহত নতুনত্ব থাকে। পৰিৱৰ্তনৰ যদি ঋণাত্মক ফালটোত মন নিদিয়ো তেতিয়াহ’লে বুজিব পৰা যায় যে পৰিৱৰ্তনে বহু নতুন নতুন বস্তুৰ সৃষ্টি কৰে। বলীউডৰ উক্ত সংগীতৰ ধাৰাক লৈ বিভিন্ন গীতৰ সৃষ্টি হৈছে যিসমূহক লৈ অসমৰ সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ মাজত এক বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা গৈছিল; কিন্তু এতিয়া কেৱল মাত্ৰ বলীউড বুলিয়ে নহয়। এনে গীতৰ সৃষ্টি হ’বলৈ লৈছে অসমীয়া সংগীত ক্ষেত্ৰখনতো। শেহতীয়াকৈ মুক্তি লাভ কৰা “মনে বিচাৰে” শীৰ্ষক গীতটিক লৈ নৱপ্ৰজন্মৰ মাজত এক বিশেষ উৎসাহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। ইউটিউবত মুক্তি লাভ কৰা পিছতেই গীতটোৱে লাভ কৰিছে জনসাধাৰণৰ সমাদৰ।

গীতটোত কন্ঠদান কৰাৰ লগতে ইয়াৰ পৰিচালনা ৰাজনীশ শইকীয়াৰ; লগতে গীতটিত সংগীত দিয়াৰ উপৰিও শব্দ সংমিশ্ৰণ পিংকুল আহমেদৰ। গীতটিত কথা আৰচাদ এম ৰহমানৰ; ক্ষন্তেকতে প্ৰস্তুত কৰি উলিওৱা এই গীতটিক লৈ পিংকুল আৰু ৰাজনীশৰ যুগলবন্দীকো সঁহাৰি জনাইছে সকলোৱে। অংকুৰ শ্ৰেণীৰ মানৰ পৰাই সংগীতৰ সৈতে ঘনিষ্ঠতা ৰখা পিংকুলৰ বৰ্তমানৰ কাম সমূহৰ প্ৰশংসা হোৱাও দেখিবলৈ পোৱা গৈছে চচিয়েল মিডিয়াত। আনহাতে, “ক্ষমা কৰিবি”, “নিশা”, “উদাস মন” আদি গীত সমূহত দেখিবলৈ পোৱা ইউটিউব ভিউৱাৰচে আচলতে বুজাই দিয়ে ৰাজনীশৰ অনুৰাগীৰ সংখ্যা।


এটা গীতত থকা কোনটো উপাদানে দৰ্শকক আপ্লুত কৰা বুলি কৰা প্ৰশ্নৰ উত্তৰত পিংকুলে সাক্ষাৎকাৰ যোগে কৈছিল যে, “এটি গীতত থকা এটা নিৰ্দ্দিষ্ট উপাদানেৰে দৰ্শকক আকৰ্ষণ কৰাটো সম্ভৱপৰ নহয়। কথা, সুৰ, সংগীত আদিৰ সকলো উপাদানৰ পুংখানুপুংখ সংমিশ্ৰণ থাকিলেহে এটি গীতক দৰ্শকে আকোঁৱালি ল’ব পাৰে। গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো।”
Add comment