Rupaliparda.com
ৰাকেশ ৰিয়ানৰ আকৌ এটি গীতৰ প্ৰস্তুতিঃ অতিশীঘ্ৰে "তোমাৰেই নামত"- 1

ৰাকেশ ৰিয়ানৰ আকৌ এটি গীতৰ প্ৰস্তুতিঃ অতিশীঘ্ৰে “তোমাৰেই নামত”-

“অ’ মোৰে জান; কিয় কৰা অভিমান” শীৰ্ষক গীতটিৰ বহুল জনপ্ৰিয়তাৰ পিছত ৰাকেশ ৰিয়ানৰ আন এটি “তোমাৰেই নামত” শীৰ্ষক গীতটোৰ বাবে প্ৰস্তুত হৈ পৰিছে কন্ঠশিল্পী গৰাকী। তেওঁৰ ইটোৰ পিছত সিটো গীতৰ মুক্তিয়ে আচলতে সকলোকে আকৰ্ষণ কৰি ৰাখে। আহিবলগীয়া এই গীতটিৰ ইতিমধ্যে মুকলি কৰা দিয়া হৈছে প্ৰমো। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ পূৰ্বেও মুক্তিপ্ৰাপ্ত “আছুতীয়া কৈ থ’লো” শীৰ্ষক আন এটি সুন্দৰ ৰোমান্টিক গীত শ্ৰোতাক উপহাৰ দিয়াৰ পিছতেই বিবাহৰ বাবে সাজু হৈ পৰিছিল কন্ঠশিল্পী গৰাকী। ৰোমান্টিক গীতৰ ক্ষেত্ৰত থকা ৰাকেশ ৰিয়ানৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি।

https://www.instagram.com/tv/CGJnb4EhieB/?utm_source=ig_web_copy_link

ৰাকেশ ৰিয়ানৰ আকৌ এটি গীতৰ প্ৰস্তুতিঃ অতিশীঘ্ৰে "তোমাৰেই নামত"- 2


তেওঁৰ “আছুতীয়া কৈ থ’লো” লগতে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “অভিমান” শীৰ্ষক গীত দুটিয়ে ইউটিউবত ক্ষন্তেকতে লাভ কৰিছিল ভিউৱাৰচৰ সৰ্বাধিক সংখ্যা। স্তব্ধতাৰ মাজত এগৰাকী শিল্পী যে কোনো দিন স্তব্ধ নহয়; তাৰ এক পূৰ্ণ প্ৰতিফলনো দেখিবলৈ পোৱা গৈছে ৰাকেশ ৰিয়ানৰ তাতো। “লক-ডাউন” ৰ সময়ত একাংশই কৰা কেতবোৰ সৃষ্টিৰ মুক্তিৰ মাজত উল্লেখনীয় আছিল কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীত সমূহো। ইটো-সিটোকৈ কেইবাটাও গীতে এই সময়ছোৱাতে মুক্তি লাভ কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.