Rupaliparda.com
অমিতাভ বচ্চনৰ বাঢ়িল ফিজঃ ডিমাণ্ডত বিগ বি- 1

অমিতাভ বচ্চনৰ বাঢ়িল ফিজঃ ডিমাণ্ডত বিগ বি-

বলীউডত তাহানিৰ যুগৰ পৰা বৰ্তমানলৈ এই ইণ্ডাষ্ট্ৰীটোত ৰাজত্ব কৰি থকা অমিতাভ বচ্চনে কেইবাখনো জনপ্ৰিয় চিনেমা দিছে দৰ্শক সকলক। এতিয়ালৈ তেওঁৰ জনপ্ৰিয়তা তথা “ডিমাণ্ড” নিৰ্মাতা সকলৰ মাজত ইমানেই উচ্চ যে নিৰ্মাতা সকলে এক মোটা অংকৰ টকা দিবলৈও সক্ষম হৈ পৰে অমিতাভ বচ্চনক। সক্ৰিয় হৈ থকা এই গৰাকী অভিনেতাক কে.বী.সী ত দেখা পোৱা যায়। আনহাতে, তেওঁৰ অনুৰাগীলৈ আমি লৈ আনিছো এক সু-খবৰ; এইবাৰ দীপিকা পাডুকন তথা প্ৰভাসৰ সৈতে দেখিবলৈ পোৱা যাব অমিতাভ বচ্চনক। এই ছবিখনৰ প্ৰযোজক অশ্বিনী দত্তৰ উক্ত ছবিখন হৈছে “সপোনৰ প্ৰকল্প” সদৃশ। গতিকে এই ছবিখনত প্ৰযোজক গৰাকীয়ে কোনোধৰণৰ খুঁট ৰাখিব বিচৰা নাই আৰু ফলত অধিক বাজেটৰ সৈতে এই ছবিখন নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে। ছবিখনত অমিতাভ বচ্চন জড়িত হোৱা কথাটোৰ উপৰিও অধিক চৰ্চিত বিষয়টো হৈছে অমিতাভ বচ্চনে ছবিখনৰ পৰা লাভ কৰিবলগীয়া ফিজটো। দীপিকা পাডুকনতকৈ অধিক ফিজ অমিতাভ বচ্চনক দিয়া হ’ব বুলি কিছু খবৰ ওলাইছে যদিও ইয়াৰ ওপৰত কোনো সঠিক উত্তৰ পোৱা হোৱা নাই।

https://twitter.com/SrBachchan/status/1314452532672954368?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1314452532672954368%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-amitabh-bachchan-to-be-paid-more-than-12-crores-for-deepika-padukone-starrer-film-nag-ashwin-20859796.html
অমিতাভ বচ্চনৰ বাঢ়িল ফিজঃ ডিমাণ্ডত বিগ বি- 2


ৰিপোৰ্টনুসৰি, দীপিকা পাডুকনে এই ছবিখনৰ বাবে ১২ কোটি টকা লাভ কৰিব আৰু যদিহে দীপিকা পাডুকনতকৈ অধিক টকা অমিতাভ বচ্চনক দিয়া হয় তেতিয়াহ’লে তেওঁ ১২ কোটিতকৈ অধিক টকা লাভ কৰিব। বৰ্তমানলৈ ছবিখনৰ নাম আৰু কাহিনীৰ ওপৰত কোনোধৰণৰ কথাই জনসাধাৰণক জনোৱা হোৱা নাই; ২০২২ চনত ছবিখনে লাভ কৰিব মুক্তি। অমিতাভ বচ্চনে নিজেও ছবিখনৰ সৈতে জড়িত হোৱাৰ কথা জনসাধাৰণক টুইট যোগে জানিবলৈ দিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.