Rupaliparda.com
ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে ৰিয়া চক্ৰৱৰ্তীৰ এজাহাৰ দাখিলঃ 1

ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে ৰিয়া চক্ৰৱৰ্তীৰ এজাহাৰ দাখিলঃ

ন্যায়িক জিম্মাৰ পৰা ওলাই অহা পিছতেই ৰিয়া চক্ৰৱৰ্তীয়ে নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। তেওঁৰ বাসগৃহৰ ওচৰতে থকা এগৰাকী মহিলাই মন্তব্য কৰিছিল যে ৰিয়া চক্ৰৱৰ্তীক তেওঁ ১৩ জুন তাৰিখে অৰ্থাৎ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ এদিন পূৰ্বে অভিনেতা গৰাকীৰ সৈতে দেখিছিল। কিন্তু, এই আটাইবোৰ কথা ভুল বুলি কোৱাৰ লগতে ৰিয়াই ডিম্পল ভৱানী বিৰুদ্ধে মিছা তথ্য প্ৰদান আৰু আৰক্ষীক অসত্য কথাৰে পৰিচালনা কৰাৰ কথা ব্যক্ত কৰে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰি থকা চি বি আইৰ টীমে মত গ্ৰহণ কৰিছিল ৰিয়াৰ ওচৰ চুবুৰীয়া ডিম্পলৰ পৰা আৰু তাতেই তেওঁ কৈছিল যে ৰিয়াক ১৩ জুন তাৰিখে সুশান্তৰ সৈতে তেওঁ দেখিছিল। এনেক্ষেত্ৰতে, ৰিয়াৰ অধিবক্তা সতীশ মানশিন্দেই কয় যে, ডিম্পল ভৱানীয়ে ইলেক্ট্ৰনিক মিডিয়াক ভুল তথ্য দিছে। সমান্তৰালকৈ, তেওঁ চিবি আইৰ তদন্তকো বিপথে পৰিচালনা কৰিছিল; গতিকে তেওঁ বিৰুদ্ধে কঠোৰ শাস্তি হ’ব লাগে।

ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে ৰিয়া চক্ৰৱৰ্তীৰ এজাহাৰ দাখিলঃ 2
ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে ৰিয়া চক্ৰৱৰ্তীৰ এজাহাৰ দাখিলঃ 3

লগতে অধিবক্তা গৰাকীয়ে কয় যে, “আমি সেইবোৰ লোকক এৰি নিদিও যিসকলে ইলেক্ট্ৰনিক মিডিয়াত অকণমান সময়ৰ জনপ্ৰিয়তাৰ বাবে ভুল তথ্য প্ৰকাশ কৰিছে।” কিছুদিন পূৰ্বে ৰিয়াৰ মাতৃয়েও ডিম্পলৰ কথা প্ৰকাশ কৰি কৈছিল যে, “তেওঁ সুশান্ত সিং ৰাজপুতৰ বহু ডাঙৰ অনুৰাগী; আৰু সুশান্তক লগ পাবলৈ তেওঁ দুবাৰ মান আমাৰ ঘৰলৈও আহিছিল। কিন্তু তেওঁ মোৰ ছোৱালীক লৈ কিয় মিছা মন্তব্য কৰিছে মই নাজানো। আগন্তুক সময়ত ৰিয়াৰ এই এজাহাৰে ডিম্পলক কেনে শাস্তি প্ৰদান কৰিব সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.