Rupaliparda.com
প্ৰেমসনা "বৰষুণ" জাকক লগত লৈ আহি আছে আচুৰ্য্য বৰপাত্ৰঃ 1

প্ৰেমসনা “বৰষুণ” জাকক লগত লৈ আহি আছে আচুৰ্য্য বৰপাত্ৰঃ

“বৰষুণ” জাক সকলোৰে প্ৰিয়; এজাক হৃদয়সিক্ত, প্ৰেমসনা বৰষুণৰ অপেক্ষাত ৰৈ যায় একাংশ সাধাৰণ জন। এজাক “বৰষুণ” ক ধোঁৱাই নিবলৈ আহ্বান জনায় একাংশই তেওঁলোকৰ দুখ, কষ্ট তথা সংগ্ৰাম। মুঠতে, “বৰষুণ” যে কোনো লোকৰ বাবে অপ্ৰিয় সেই কথা কোনোৱে নকয়। কোনোৱে হয়টো আৱেগসনা প্ৰথমজাক বৰষুণতেই লাভ কৰিছিল নিজ প্ৰেমাস্পদক আৰু আনহাতে কোনোৱে হয়টো হেৰাইছিল নিজ প্ৰিয়জনক। আচলতে, বৰষুণজাকে কঁঢ়িয়াই লৈ ফুৰে নিজৰ মাজতেই বিভিন্ন কাহিনী। এনে বৰষুণ জাকক লৈ ৰচনা কৰা হৈছে আন এটি গীত। গীতটিক লৈ অতিশীঘ্ৰেই আহি আছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা কন্ঠশিল্পী গৰাকীয়ে আহিবলগীয়া এই গীতটিক লৈ আপডেট দি থকা দেখিবলৈ পোৱা গৈছে। আচলতে, আচুৰ্য্য বৰপাত্ৰৰ আহিবলগীয়া এই গীতটিক লৈ উৎসাহী হৈ পৰিছে বৰ্তমান তেওঁৰ অনুৰাগী। আচুৰ্য্য বৰপাত্ৰ এগৰাকী সংগীত শিল্পী হ’লেও সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত তেওঁক সদায় আগত দেখিবলৈ পোৱা যায়।

প্ৰেমসনা "বৰষুণ" জাকক লগত লৈ আহি আছে আচুৰ্য্য বৰপাত্ৰঃ 2


ক’ৰোণা মহামাৰীৰ সময়ত অনুদান প্ৰদান কৰাৰ সমান্তৰালকৈ বানে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিত কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই ধনশিৰি চাইক্লিং ক্লাৱৰ সদস্যসকলৰ সহযোগীতাত প্ৰায় ২০০ টা পৰিয়ালৰ কাষ চাপি শিক্ষাৰ পৰা বঞ্চিত হৈ থকা একাংশ শিশুৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক পঢ়া-শুনাৰ বিভিন্ন সামগ্ৰীৰ যোগান ধৰে। এইবোৰ কৰ্মৰ ফলতেও আচলতে কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত হৈ পৰিছে। আচুৰ্য্য বৰপাত্ৰৰ আহিবলগীয়া এই “বৰষুণ” শীৰ্ষক গীতটিত কথা আৰু সুৰ কন্ঠশিল্পী গৰাকীৰ নিজৰেই আৰু সংগীত ব্যৱস্থাপনা প্ৰণয় দত্তৰ।

প্ৰেমসনা "বৰষুণ" জাকক লগত লৈ আহি আছে আচুৰ্য্য বৰপাত্ৰঃ 3


ৰোমান্টিক গীতৰ ক্ষেত্ৰত আচুৰ্য্য বৰপাত্ৰৰ এক বিশেষ দখল সংগীত প্ৰেমী শ্ৰোতাই ইতিমধ্যে উপলদ্ধি কৰিছে। শেহতীয়াকৈ “পাৰা যদি হোৱানা মোৰ” শীৰ্ষক গীতটিয়ে মুক্তিৰ পূৰ্বৰ পৰাই সংগীত ক্ষেত্ৰখনত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform