Rupaliparda.com
গীতালিৰ "ধীৰে ধীৰে" ৰ মুকলি ফাৰ্ষ্ট লুক পোষ্টাৰঃ 1

গীতালিৰ “ধীৰে ধীৰে” ৰ মুকলি ফাৰ্ষ্ট লুক পোষ্টাৰঃ

নিজৰ নতুন সৃষ্টিক লৈ জনসাধাৰণ অথবা নিজ অনুৰাগীৰ মাজত উৎসাহৰ সৃষ্টি কৰি ৰখাটো আচলতে প্ৰতিজন তাৰকা-শিল্পীৰেই কাম। “লক-ডাউন” ৰ ফলত বিগত বহু দিন ধৰি স্তব্ধ হৈ আছিল সকলোৰে শ্বুটিং অথবা নতুন গীত-ছবিৰ সমূহৰ সৃষ্টি। জনসাধাৰণৰ মাজত চলি থকা সন্ত্ৰাসৰ মাজত আচলতে বিচৰাও নাছিল কোনোজন অভিনেতা- কন্ঠশিল্পী তথা পৰিচালকে নিজৰ সৃষ্টিক সকলোৰে মাজত উলিয়াই দিবলৈ। “লক-ডাউন” ৰ সময়ছোৱাত নিজ চচিয়েল মিডিয়া যোগে সকলোকে মানসিক ভাৱে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়োৱা গীতালিয়ে শেহতীয়াকৈ অনুৰাগীক জনাইছে নিজ নতুন গানৰ বিষয়ে। অতিশীঘ্ৰে “ধীৰে ধীৰে” শীৰ্ষক গীতটিৰ সৈতে আহি আছে কন্ঠশিল্পী গীতালি। ইতিমধ্যে জনসাধাৰণৰ মাজত তেওঁ গীতটোৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰিছে। কন্ঠশিল্পী গৰাকীয়ে গীতটিক লৈ বিভিন্ন খবৰ অনুৰাগীৰ মাজত প্ৰকাশ কৰাৰ লগতে ইতিমধ্যে মুক্তি লাভ কৰিছে ইয়াৰ ফাৰ্ষ্ট লুক পোষ্টাৰ। উক্ত গীতটিত কন্ঠ দিয়াৰ লগতে ইয়াত সুৰো দিছে কন্ঠশিল্পী গৰাকীয়ে; কথা ভাস্কৰ জ্যোতিৰ লগতে ইয়াত শব্দ সংমিশ্ৰণ কৰিছে দীপকেশ বৰগোঁহাইয়ে। ১৯ অক্টোবৰ তাৰিখে মুক্তি পাব এই গীতটি।

গীতালিৰ "ধীৰে ধীৰে" ৰ মুকলি ফাৰ্ষ্ট লুক পোষ্টাৰঃ 2
গীতালিৰ "ধীৰে ধীৰে" ৰ মুকলি ফাৰ্ষ্ট লুক পোষ্টাৰঃ 3


কিছুদিন পূৰ্বে অভিনেতা-কন্ঠশিল্পীকে ধৰি বিভিন্ন জন কলা-কুশলী ৰাজনৈতিক ক্ষেত্ৰখনত যোগদান কৰা বিষয়ক লৈ গীতালিয়ে ৰূপালীপৰ্দাৰ এক সাক্ষাৎকাৰ যোগে কয় যে, “”গণতান্ত্ৰিক দেশত ভোটাধিকাৰ লাভ কৰা প্ৰতিজন নাগৰিকেই প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে ৰাজনীতিৰ লগত জড়িত হৈ থাকে; কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা আৰু চৰকাৰৰ প্ৰতিনিধিবোৰকো ৰাইজেই নিৰ্বাচিত কৰি পঠিয়ায়। শিল্পীসকল যিহেতু আমাৰ সমাজ ব্যৱস্থাৰ মাজৰেই এক অভিন্ন অংগ গতিকে এওঁলোকে ৰাজনৈতিক দলত যোগদান কৰাটোত অস্বাভাবিক নহয়। আমাৰ দেশতেই এনেকুৱা বহুত শিল্পী অথবা ক্ৰীড়াবিদ আছে যি সকল প্ৰত্যক্ষভাবে ৰাজনীতিৰ লগত জড়িত; ইয়াত নতুন কৈ কিবা ক’বলগীয়া তথা সমালোচনা কৰিবলগীয়া আছে বুলি আচলতে মই নাভাবো। সেইটো একেবাৰেই এটা সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত; মই নিজাববীয়াকৈ মাত্ৰ এটা কথাহে ক’ব পাৰো যে শিল্প সাধনা কৰি মই ভাল পাওঁ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform