Rupaliparda.com
এটি ন-ৰোমান্টিক গীত "দুচকুৰে কাজল" ৰ সৈতে আহি আছে দীক্ষু শৰ্মাঃ 1

এটি ন-ৰোমান্টিক গীত “দুচকুৰে কাজল” ৰ সৈতে আহি আছে দীক্ষু শৰ্মাঃ

আকৌ এটা নতুন গীতক লৈ আহি আছে জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মা; দীক্ষু শৰ্মাৰ কন্ঠৰে আহিবলগীয়া এই গীতটিক লৈ কন্ঠশিল্পী গৰাকীৰ লগতে তেওঁৰ অনুৰাগীৰ উৎসাহো লেখত ল’বলগীয়া। গীতটিক লৈ ইতিমধ্যে চচিয়েল মিডিয়াত পোষ্ট দি অনুৰাগীক চিনাকী কৰোৱাইছে কন্ঠশিল্পী গৰাকীয়ে। আগন্তুক সময়ত মুক্তি পাবলগীয়া “দুচকুৰে কাজল” শীৰ্ষক এই গীতটোৰ সৈতে জড়িত হৈ আছে আন দুই জনপ্ৰিয় নামো ক্ৰমে পলাশ সূৰ্য্য গগৈ আৰু অনুপম কোঁৱৰ। দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ বাবে কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম।

https://www.instagram.com/p/CGSvjMVBbQm/?utm_source=ig_web_copy_link

এটি ন-ৰোমান্টিক গীত "দুচকুৰে কাজল" ৰ সৈতে আহি আছে দীক্ষু শৰ্মাঃ 2


২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। গীতটিৰ মুক্তিৰ কোনো নিৰ্দ্দিষ্ট তাৰিখ এতিয়ালৈ জনসাধাৰণৰ মাজত উলিয়াই দিয়া হোৱা নাই যদিও অতিশীঘ্ৰেই এই ৰোমান্টিক গীতটিৰ মধুৰতাক অনুভৱ কৰিবলৈ পাব শ্ৰোতাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.