শ্বাহৰুখ খানক আকৌ এবাৰ ডাঙৰ পৰ্দাত চাবলৈ বহু আশাৰে বাট চাই ৰৈছিল তেওঁৰ অনুৰাগী। এইবাৰ অনুৰাগীক আকৰ্ষণ কৰিবলৈ পূৰ্ণ প্ৰস্তুতিত নামি পৰিছে অভিনেতা গৰাকী। শ্বাহৰুখ খানৰ আহিবলগীয়া ছবিখনত কেৱল মাত্ৰ কিং খানকেই নহয়; এক মনোগ্ৰাহী ৰূপত দেখিবলৈ পোৱা যাব জন আব্ৰাহামকো। খবৰনুসৰি, আহিবলগীয়া “পঠান” ছবিখনত জন আব্ৰাহামে ৰূপায়ন কৰিব খলনায়কৰ চৰিত্ৰ। “ধুম” ছবিখনত খলনায়কৰ চৰিত্ৰ ৰূপায়নেৰে দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা জন আব্ৰাহামক এইবাৰো দেখিবলৈ পোৱা যাব এক নতুন ৰূপত। জন আব্ৰাহামক এই ছবিখনৰ বাবে নতুন ব্যতিক্ৰমী লুক দিয়া হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ ৰিপোৰ্টনুসৰি, জন আব্ৰাহামেও নিজৰ এই আহিবলগীয়া চৰিত্ৰটোক লৈ খুবেই উৎসাহী হৈ পৰিছে। “বাটলা হাউচ”, “সত্যমেৱ জয়তে” তথা “পোখৰেণ” ৰ দৰে ছবিৰ পিছত জন আব্ৰাহামৰ অভিনয় চাবলৈ আচলতে উৎসাহী অনুৰাগীও। বিগত বহু দিনৰ পিছত ডাঙৰ পৰ্দালৈ অহা শ্বাহৰুখ খান লগতে জন আব্ৰাহামৰ যুঁটিটোক চাবলৈ অপেক্ষাৰত দৰ্শকবৃন্দ। ছবিখনৰ আন এক উল্লেখনীয় কথা এয়ে যে, “পঠান” ছবিখনত শ্বাহৰুখ তথা জনৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী দীপিকা পাডুকনকো।


য়শৰাজ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছে সিদ্ধাৰ্থ আনন্দে। বিগত দিনৰ পৰা ভাল কোনো প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ মানসেৰে অপেক্ষা কৰি থকা শ্বাহৰুখ খানৰ এই ছবিখন হ’ব বহু প্ৰত্যাশিত। কৰ্ম কৰাত বিশ্বাস ৰখা জন আব্ৰাহামৰ ছবিসমূহত বিগত কেইবাবছৰৰ পৰাই এক সঁচা ঘটনাৰ সোঁৱাদ উপভোগ কৰিছে দৰ্শকে। আনহাতে, ড্ৰাগছ কেছত নাম সাঙুৰ খোৱাৰ পিছত চচিয়েল মিডিয়াত বহু চৰ্চিত হৈ পৰা দীপিকা পাডুকনে শেহতীয়াকৈ আৰম্ভ কৰিছে নিজ আহিবলগীয়া ছবিৰ শ্বুটিং।
Add comment