বলীউডৰ মহানায়ক অমিতাভ বচ্চনে বৰ্তমান “কৌন বনেগা কৌৰড়পতি” অনুষ্ঠানটোৰ ঘোষক ৰূপে শ্ব’টো আগবঢ়াই লৈ গৈ আছে। অনুষ্ঠানটো আৰম্ভ হোৱাৰ পিছতেই ইয়াক বহুল সংখ্যাত জনসাধাৰণে সমাদৰ জনাইছে; বিগ বিয়ে অনুষ্ঠানটোক আৰু অধিক মনোগ্ৰাহী তথা উপভোগ্য কৰি তোলাৰ স্বাৰ্থত প্ৰতিযোগী সমূহক অনুষ্ঠানটোৰ নিয়মানুসৰি প্ৰশ্ন কৰাৰ উপৰিও তেওঁলোকৰ ব্যক্তিগত জীৱনক লৈও ভিন্ন ধৰণৰ কথা পাতে। সমান্তৰালকৈ, অভিনেতা গৰাকীয়ে চচিয়েল মিডিয়াতো একাংশ ফটো শ্বেয়াৰ কৰে আৰু সক্ৰিয় ইউজাৰ হৈ তেওঁক চচিয়েল মিডিয়াত পোষ্ট সমূহ কৰি থকাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ তেওঁ “কৌন বনেগা কৌৰড়পতি” ৰ শ্বুটিং ছেটৰ পৰা ফটো শ্বেয়াৰ কৰে আৰু কেপছনত কৰ্মকেই পূজা বুলি অভিহিত কৰে। তেওঁ লিখে যে, “কামেই গুৰু; লালসাৰ দোৱাৰ ভেদি কৰ্মত নিয়োজিত হৈ প্ৰাপ্য বোৰ গ্ৰহণ কৰক। প্ৰতিৰোধৰ সন্মুখীন হওঁক।” অমিতাভ বচ্চনৰ এই পোষ্টটোত তেওঁৰ পুত্ৰ তথা অভিনেতা অভিষেক বচ্চনেও প্ৰতিক্ৰিয়া দিয়ে আৰু কয় যে, “এয়া প্ৰেৰণা”।

বলীউডত তাহানিৰ যুগৰ পৰা বৰ্তমানলৈ এই ইণ্ডাষ্ট্ৰীটোত ৰাজত্ব কৰি থকা অমিতাভ বচ্চনে কেইবাখনো জনপ্ৰিয় চিনেমা দিছে দৰ্শক সকলক। এতিয়ালৈ তেওঁৰ জনপ্ৰিয়তা তথা “ডিমাণ্ড” নিৰ্মাতা সকলৰ মাজত ইমানেই উচ্চ যে নিৰ্মাতা সকলে এক মোটা অংকৰ টকা দিবলৈও সক্ষম হৈ পৰে অমিতাভ বচ্চনক। আহিবলগীয়া সময়ত দীপিকা পাডুকন তথা প্ৰভাসৰ সৈতে দেখিবলৈ পোৱা যাব অমিতাভ বচ্চনক। এই ছবিখনৰ প্ৰযোজক অশ্বিনী দত্তৰ উক্ত ছবিখন হৈছে “সপোনৰ প্ৰকল্প” সদৃশ। গতিকে এই ছবিখনত প্ৰযোজক গৰাকীয়ে কোনোধৰণৰ খুঁট ৰাখিব বিচৰা নাই আৰু ফলত অধিক বাজেটৰ সৈতে এই ছবিখন নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে। ছবিখনত অমিতাভ বচ্চন জড়িত হোৱা কথাটোৰ উপৰিও অধিক চৰ্চিত বিষয়টো হৈছে অমিতাভ বচ্চনে ছবিখনৰ পৰা লাভ কৰিবলগীয়া ফিজটো। দীপিকা পাডুকনতকৈ অধিক ফিজ অমিতাভ বচ্চনক দিয়া হ’ব বুলি কিছু খবৰ ওলাইছে যদিও ইয়াৰ ওপৰত কোনো সঠিক উত্তৰ পোৱা হোৱা নাই।
Add comment