Rupaliparda.com
শ্বাহৰুখ খান আৰু কাজলৰ সফলতাৰ ২৫ টা বৰ্ষঃ হৈ পৰিল আকৌ ৰাজ-চিমৰেণ 1

শ্বাহৰুখ খান আৰু কাজলৰ সফলতাৰ ২৫ টা বৰ্ষঃ হৈ পৰিল আকৌ ৰাজ-চিমৰেণ

শ্বাহৰুখ খান আৰু কাজলৰ ছবি জনপ্ৰিয় ছবি “দিলৱালে দুলহানিয়া লে যায়েংগে” য়ে মুক্তি লাভ কৰিছিল ১৯৯৫ চনৰ ২০ অক্টোবৰ তাৰিখে। হিন্দী ছবি জগতৰ একাংশ জনপ্ৰিয় ছবিৰ ভিতৰত এখন আছিল “দি দি এল জে”। ছবিখনৰ ৰূপালী জয়ন্তীৰ সময়ছোৱাক আৰু অধিক ৰোমাঞ্চিত কৰাৰ মানসেৰে শ্বাহৰুখ আৰু কাজলে টুইটাৰত নিজৰ নাম সলনি কৰি ছবিখনত থকা তেওঁলোকৰ চৰিত্ৰ দুটা নাম ক্ৰমে ৰাজ আৰু চিমৰেন ৰাখি থয়। কালিৰ দিনটোত শ্বাহৰুখ খানক টুইটাৰত ৰাজ মালহোত্ৰা ৰূপেহে দৰ্শকে দেখিবলৈ পাইছিল। কিং খানে টুইট কৰি কয় যে, “২৫ বৰ্ষ; ৰাজ আৰু চিমৰেনক হৃদয়ৰ পৰা মৰম দিয়া বাবে ধন্যবাদ। ই সদায় গুৰুত্বপূৰ্ণ হৈ থকাৰ অনুভৱ কৰোৱায়।” আনহাতে কাজলে টুইট কৰি কয় যে, “ৰাজ আৰু চিমৰেন। ২ জন ব্যক্তি, ২৫ টা বৰ্ষত কেতিয়াও হেৰাই নোযোৱা মৰমবোৰ। মই সঁচাকৈ এনেবোৰ লোকক ধন্যবাদ জ্ঞাপন কৰিছো; যিসকলে ছবিখনক এইটো পৰ্যায় দিয়ালে।

শ্বাহৰুখ খান আৰু কাজলৰ সফলতাৰ ২৫ টা বৰ্ষঃ হৈ পৰিল আকৌ ৰাজ-চিমৰেণ 2


এটা অদ্ভূত ঘটনা আৰু নিজ ইতিহাসৰ অংশীদাৰ। আপোনাসকলৰ বাবে এটা ডাঙৰ চিঞৰ।” ছবিখনৰ ৰূপালী জয়ন্তী উপলক্ষে তাত অভিনীত আন আন চৰিত্ৰ সমূহেও একো একোটা পোষ্ট যোগে ধন্যবাদ জ্ঞাপন কৰে দৰ্শকক। চচিয়েল মিডিয়াতো ছবিখনৰ কেইবাটাও সংলাপ তথা দৃশ্যক শ্বেয়াৰ কৰে অনুৰাগীয়ে। ৯০ দশকৰ ছবি হ’লেও ছবিখনৰ চৰ্চা বৰ্তমানেও তুংগত; ছবিখন এতিয়াও যদি সম্প্ৰচাৰ হয় তেতিয়াও একাংশ অনুৰাগীয়ে ছবিখন উপভোগ কৰা সময়ৰ ফটো শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.