Rupaliparda.com
প্ৰায় এমাহ বিৰতিৰ পিছত চচিয়েল মিডিয়াত সক্ৰিয় দীপিকা পাডুকনঃ 1

প্ৰায় এমাহ বিৰতিৰ পিছত চচিয়েল মিডিয়াত সক্ৰিয় দীপিকা পাডুকনঃ

বলীউড ড্ৰাগছ কেছত নিজৰ নাম সাঙুৰ খোৱা পিছত বিগত এমাহ ধৰি চচিয়েল মিডিয়াত সক্ৰিয় হোৱা নাছিল অভিনেত্ৰী দীপিকা পাডুকন। বহু দিনৰ পৰা তেওঁক ইনষ্টাগ্ৰাম অথবা টুইটাৰত কোনো পোষ্ট অথবা ফটো শ্বেয়াৰ কৰা দেখিবলৈ পোৱা নাছিল অভিনেত্ৰী গৰাকীৰ অনুৰাগীয়ে। যোৱা ২০ চেপ্তেম্বৰৰ পিছৰ পৰা দীপিকা পাডুকনে কোনো ধৰণৰ চচিয়েল মিডিয়াত সংযোগ ৰখা নাছিল। কিন্তু শেহতীয়াকৈ নিজ সহঃ অভিনেতা জন্মদিনৰ শুভেচ্ছা দিবলৈ চচিয়েল মিডিয়াত পুনৰ ভুমুকি মাৰিছে বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে। আহিবলগীয়া সময়ত দীপিকা পাডুকন আৰু বাহুৱলী প্ৰভাসক দেখিবলৈ পোৱা যাব একেলগে একেখন ছবিত; গতিকে প্ৰভাসৰ জন্মদিন উপলক্ষে চচিয়েল মিডিয়াত সক্ৰিয় হৈ পৰে অভিনেত্ৰী গৰাকী। ড্ৰাগছ কেছ সন্দৰ্ভত ন্যাৰকোটিক্স ক’ন্টোল ব্যুৰৰ সৈতে হোৱা কথা বতৰাৰ পিছত গোৱালৈ শ্বুটিঙৰ বাবে উভতি গৈছিল দীপিকা পাডুকন। এনচিবিৰ ওচৰত দিয়া উত্তৰ সমূহক লৈ চচিয়েল মিডিয়াত সাংঘাতিক সমালোচনাৰো সন্মুখীন হৈছিল অভিনেত্ৰী দীপিকা।

প্ৰায় এমাহ বিৰতিৰ পিছত চচিয়েল মিডিয়াত সক্ৰিয় দীপিকা পাডুকনঃ 2
প্ৰায় এমাহ বিৰতিৰ পিছত চচিয়েল মিডিয়াত সক্ৰিয় দীপিকা পাডুকনঃ 3


এনচিবিয়ে কৰা আটাইবোৰ প্ৰশ্নৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে একেটাই কথা কৈছিল যে এই মায়ানগৰীৰ বলীউড ক্ষেত্ৰখনত বহুতেই বহু ধৰণে নিজৰ “কোড ৱৰ্ড” ব্যৱহাৰ কৰি কথোপকথন বোৰ আগবঢ়ায়। “মাল” অৰ্থটো যেনেদৰ সমগ্ৰ জনসাধাৰণে ভাবি আছে আচলতে ইয়াৰ সেইটো অৰ্থই প্ৰকাশ কৰি দীপিকাই একো সোধা নাছিল। দীপিকা পাডুকন অনুযায়ী “মাল” আৰু “হেশ” মানে তেওঁ চিগাৰেটৰ কথাহে উল্লেখ কৰিছিল। দীপিকাই এনচিবিৰ আগত এয়াও ব্যক্ত কৰে যে তেওঁ চিগাৰেট সেৱন কৰে কিন্তু ড্ৰাগছ সেৱন নকৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.