Rupaliparda.com
শুনো আহক অসমীয়া কন্ঠশিল্পীৰ কন্ঠৰে "দূৰ্গা দেৱী" ৰ স্তুতি বন্দনা আৰু সংগীতঃ 1

শুনো আহক অসমীয়া কন্ঠশিল্পীৰ কন্ঠৰে “দূৰ্গা দেৱী” ৰ স্তুতি বন্দনা আৰু সংগীতঃ

আজি মহাষ্টমী; দূৰ্গা দেৱীৰ আশীষেৰে এতিয়া জীপাল সকলো। শাৰদীয় দূৰ্গোৎসৱৰ এই দিনকেইটাত প্ৰতিজন ব্যক্তিয়ে ভক্তিৰসত বিলীন হোৱাৰ মানসিকতাৰে আগবাঢ়ে। মুঠৰ ওপৰত প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে মনলৈ দূৰ্গতিনাসিনী দূৰ্গাই কঢ়িয়াই অনা সুখ-সন্তোষক লগত লৈ মাক আৰাধনা কৰাৰ উদ্দেশ্যে ৰাখে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত একাংশ কন্ঠশিল্পীয়ে কৰা কিছু প্ৰচেষ্টাক ইতিমধ্যে আকোঁৱালিছে সকলোৱে। ২০২০ চনৰ “নিউ নৰ্মেল” ক গ্ৰহণ কৰি এইবাৰ কন্ঠশিল্পী সমূহে নিজ থকা ঠাইখনৰ পৰা দেৱী মাক স্তুতি কৰিছে। মা দূৰ্গাক উদ্দেশ্যি একোটা গীতৰ প্ৰস্তুতিৰ সমান্তৰালকৈ নিজ কন্ঠৰে মুক্তি দিয়া একোটা শ্লোকে ইতিমধ্যে জনসাধাৰণক আমোদ প্ৰদান কৰিবলৈ সক্ষম হৈছে। এইকেইটা দিনৰ আটাইতকৈ হৃদয়স্পৰ্শী বস্তুভাগ হৈছে “দেৱী মাৰ বন্দনা”। দীপলিনা ডেকাৰ কিছুদিন পূৰ্বে মুক্তি প্ৰাপ্ত গীতটিৰ লগতে ঋতৃষা শৰ্মা আৰু ৰাজশ্ৰী শইকীয়াৰ স্তুষ্টি বন্দনাইও ভক্তগণক পূজাৰ সময়ছোৱাত দিছে এক নতুন সোঁৱাদ। তলত এওঁলোকৰ গীত অথবা স্তুতি সমূহৰ লিংক দি দিয়া হৈছেঃ

https://www.instagram.com/p/CGopBmHnko0/?utm_source=ig_web_copy_link


অইনত স্তব্ধতাই বিৰাজ কৰিলেও আচলতে মনোৰঞ্জন ক্ষেত্ৰখন কোনোদিনেই হ’ব নোৱাৰে স্তব্ধ। ইয়াৰ সৈতে জড়িত প্ৰতিজন শিল্পীয়ে নিজ অনুৰাগীৰ বাবে কৰা অহৰহ প্ৰয়াসে জনসাধাৰণকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও আমাৰ পেজটোৰ সৈতে জড়িত প্ৰতিজন পঢ়ুৱৈক জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.