চচিয়েল মিডিয়া হৈছে এনে এক প্লেটফৰ্ম; য’ৰ পৰা একোজন সুন্দৰ ব্যক্তিত্বই নিজৰ মনৰ ভাৱবোৰৰ বহিঃপ্ৰকাশ কৰি জনসাধাৰণৰ মাজত ব্যক্ত কৰে। বৰ্তমানৰ চচিয়েল মিডিয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে; ইয়াৰ দ্বাৰা বহু প্ৰতিভাৰ সন্ধান পোৱা যায়। ভাস্কৰ অপ্সৱেল; এইগৰাকী ব্যক্তিৰ ইনষ্টাগ্ৰাম একাউন্টটো খুলিলেই আপোনালোকে দেখিবলৈ পাব কেইটিমান গীত আৰু তেওঁৰ সুমধুৰ কন্ঠ। অসমীয়াই হওঁক অথবা হিন্দীয়েই হওঁক তেওঁ নিজ কন্ঠৰে প্ৰতিটো গীতেই যেন জীপাল কৰি তুলিছে। মৰিগাওঁৰ কাণফলাত ২ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা ভাস্কৰ অপ্সৱেল নৱপ্ৰজন্মৰ এনে এজন প্ৰতিভাৰ গৰাকী; যাৰ প্ৰতিটো গীতত এতিয়া আকৰ্ষিত সংগীত প্ৰেমী শ্ৰোতা। আচলতে, তেওঁ নিজ কন্ঠৰে এতিয়া টানিছে অনুৰাগীক। সৰুৰ পৰা এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পেছাগত ভাৱে সংগীতৰ পিনে ঢাল খাইছিল ভাস্কৰে। গীতত কন্ঠদান কৰাৰ উপৰিও আচলতে গীত সমূহত নিজে সংগীত প্ৰদান কৰিছে উক্ত নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীয়ে। মুঠৰ ওপৰত, সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা একোজন নৱপ্ৰজন্মৰ ভিতৰত ভাস্কৰ অপ্সৱেলো এগৰাকী।
https://www.instagram.com/p/CFkKS15BFbY/?utm_source=ig_web_copy_link

ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে তেওঁক “সংগীত নিচা নে পেচা” বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “আপুনি সোধা প্ৰশ্নৰ উত্তৰটোত মই যিকোনো এটাৰ নাম ল’ব নোৱাৰো; সংগীত আচলতে মোৰ বাবে “নিচা আৰু পেচা” দুয়োটা। আৰু, মই ভাবো নিচা নোহোৱাকৈ কোনো এবিধ বস্তু কেতিয়াও পেচালৈ পৰিণত হ’ব নোৱাৰে। লগতে, “নিচা” নহ’লে কোনো এটা বস্তুত নিজক ১০০ শতাংশই অন্তৰ্ভূক্ত কৰিব পৰা নাযায়।” তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “ভৱিষ্যৎ পৰিকল্পনা হিচাপে মোৰ ভাবি থোৱা বহুখিনি প্ৰকল্প আছে। বৰ্তমান বহুকেইটা গানত মিউজিক দিয়াৰ লগতে অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিতো মিউজিক দিয়াৰ কাম চলি আছে। আনহাতে, ব্যক্তিগত কিছু পৰিকল্পনা আছে; যিটো আহিবলগীয়া সময়ত ৰাইজে উপভোগ কৰিবলৈ পাব।”

আহিবলগীয়া সময়ত নিশ্চয়কৈ এনে বহু সৃষ্টি ৰাইজৰ সমুখলৈ আহিব যিয়ে সংগীত প্ৰেমী শ্ৰোতাক উৎসাহিত কৰাৰ লগতে নতুনৰ সন্ধান দিব। ভাস্কৰ অপ্সৱেলৰ আগন্তুক পৰিকল্পনা সমূহৰ বাবে ৰূপালীপৰ্দাৰ ফালৰ পৰাও জনাইছো অশেষ শুভকামনা।
Add comment