Rupaliparda.com
এইবাৰ বিকি কলিতাৰ "নিহাৰিকা" উপাসনা প্ৰিয়মঃ 1

এইবাৰ বিকি কলিতাৰ “নিহাৰিকা” উপাসনা প্ৰিয়মঃ

বৰ্তমানলৈ কেইবাটাও গীতৰ উপহাৰ দিয়া নৱপ্ৰজন্মৰ কন্ঠশিল্পী বিকি কলিতাৰ কন্ঠৰে মুক্তি লাভ কৰিব আন এটি গীত “নিহাৰিকা”। অতিশীঘ্ৰে মুক্তি পাবলগীয়া এই গীতটিক লৈ ইতিমধ্যে আৰম্ভ হৈছে চৰ্চাৰ। প্ৰশান্তৰ কথাৰে এই গীতটিৰ সংগীত পৰিচালনা ৰোহিত সোণাৰ আৰু বিকিৰ। লগতে, ইয়াত সংগীত দিছে হৰ্ষ আৰু মনে; গীতটিৰ শব্দ সংমিশ্ৰণ আৰু বাণীবদ্ধ কৰা হৈছে Red Av Studio ত পিংকু দাসে। গীতটিৰ ভিডিঅ’ ত দেখিবলৈ পোৱা যাব বৰ্তমান সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা অভিনেত্ৰী উপাসনা প্ৰিয়মক। “দুটি মনৰ জোনাক” ধাৰাবাহিকখনত অভিনীত এই অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ চৰ্চাও হৈছিল সৰ্বত্ৰে। গীতটিৰ ভিডিঅ’ পৰিচালনা শিৱম ৰয়ৰ। ২০১৭ চনত মুক্তিপ্ৰাপ্ত প্ৰথমটো গীতৰ দ্বাৰা সংগীত ক্ষেত্ৰখনত আগবঢ়া বিকি কলিতাই সৰুৰে পৰা হিন্দী ক্লাচিকেল গীত সমূহ ক্ৰমে মহম্মদ ৰফি, কিশোৰ কুমাৰ, মান্না দে, মুকেশ চাহাব, লতা মংগেশকাৰৰ গীত সমূহ শুনি সেইবোৰৰ প্ৰতিও টান অনুভৱ কৰিছিল। ইয়াৰ উপৰিও, অসমীয়া সংগীত ক্ষেত্ৰৰ ভোটা তৰা ড° ভূপেন হাজৰিকা, দ্বীপেন বৰুৱা, জয়ন্ত হাজৰিকাৰ গীত সমূহেও বিকি কলিতাৰ সাংগীতিক জীৱনত বিশেষ প্ৰভাৱ পেলোৱা বুলি এক সাক্ষাৎকাৰ যোগে জানিবলৈ দিছিল কন্ঠশিল্পী গৰাকীয়ে।

এইবাৰ বিকি কলিতাৰ "নিহাৰিকা" উপাসনা প্ৰিয়মঃ 2


ৰূপালীপৰ্দাৰ সাক্ষাৎকাৰ যোগে বিকি কলিতাই নিজেও কৈছিল যে, “মই পেছাগত সংগীত কৰিবলে শিকা নাই এতিয়ালৈকে। গান গাই ভাল পাওঁ, সংগীতৰ মাজত থাকি ভাল পাওঁ কাৰণে এইটোকেই পেছা কৰাৰ হেঁপাহ এটা আছে! কিমান দূৰ আগবাঢ়িব পাৰিম এই সেইটো নাজানো কিন্তু সংগীতৰ বাদে মোৰ আন কামত মন ন’বহে। সেইকাৰণেই কষ্ট কৰি আছোঁ, যাতে সংগীতৰ এই বিশাল পৃথিৱীখনত নিজকে সৰুকৈ হ’লেও প্ৰতিষ্ঠিত কৰি, ভাল ভাল গান গাই মোৰ নিচিনা সপোন দেখি ভাল পোৱা কোনোবাৰ কাৰণে আদৰ্শ হ’ব পাৰোঁ। যাতে পিছৰ চামক ক”ব পাৰোঁ যে “সপোন খেদি থাকিলে সফল হ’বই।”

এইবাৰ বিকি কলিতাৰ "নিহাৰিকা" উপাসনা প্ৰিয়মঃ 3


বিকি কলিতাৰ আহিবলগীয়া এই গীতটোৰ বাবে বৰ্তমান বহুল ৰূপত উৎসাহী অনুৰাগীও। গীতটিৰ মুক্তি লাভ কৰা ফাৰ্ষ্ট লুক পোষ্টাৰেও ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে জনসাধাৰণৰ মাজত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform