কন্ঠশিল্পী ভৃগু কাশ্যপ আকৌ এবাৰ জনসাধাৰণৰ ৰোষত। তেওঁৰ এখন ফটো আকৌ এবাৰ চচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ উপৰিও সমালোচনাৰ সন্মুখীন হয় কন্ঠশিল্পী ভৃগু কাশ্যপ। মদিৰাৰ এটা ব্ৰেণ্ডৰ সৈতে উঠা এখন ফটোৰ বাবে ভৃগু কাশ্যপ সন্মুখীন হৈছে বহুল সমালোচনাৰ। সমান্তৰালকৈ, তেওঁৰ চুলিৰ ষ্টাইলকো যেন সহ্য কৰিব পৰা নাই অসমীয়া ৰাইজে। শেহতীয়াকৈ, ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে নিজাববীয়াকৈ খুলি লৈছে এটা নতুন ব্ৰেণ্ড “Vreeyam Collection”। কিছুদিন পূৰ্বে মুকলি কৰা এই ব্ৰেণ্ডটোত বৰ্তমান জনসাধাৰণৰো ইচ্ছা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বহুল সমালোচনাৰে থকা-সৰকা হ’লেও ভৃগু কাশ্যপক ক’ৰোণাৰ আৰম্ভণি সময়ছোৱাত আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশক সহায়-সাৰথি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াইছিল ১০ হাজাৰ ১ শ ১ টকা।


আনহাতে, চলিত বৰ্ষৰ প্ৰথম ভাগতেই অগ্ৰণী সাংস্কৃতিক সংস্থা “প্ৰহেলিকা” ৰ দ্বাৰা আয়োজিত “অসম সূৰ্য্য বঁটা ২০২০” ত শ্ৰেষ্ঠ পুৰুষ কন্ঠশিল্পীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ভৃগু কাশ্যপে। তথাপিও যেন সমালোচনাই বাট ভেঁটি ধৰে কন্ঠশিল্পী গৰাকীৰ; তেওঁৰ ষ্টাইলেই হওঁক অথবা তেওঁৰ সংগীতেই হওঁক প্ৰায়ে ট্ৰোল হয় জনসাধাৰণৰ সমুখত।
Add comment