Rupaliparda.com
কৰীণা কাপুৰৰ প্ৰসৱৰ পিছতহে শ্বুটিং হ'ব “বীৰে ডি ৱেডিংগ” ৰঃ 1

কৰীণা কাপুৰৰ প্ৰসৱৰ পিছতহে শ্বুটিং হ’ব “বীৰে ডি ৱেডিংগ” ৰঃ

বিগত দিনত মুক্তিপ্ৰাপ্ত “বীৰে ডি ৱেডিংগ” ছবিখনে জনসাধৰণৰ তথা ছবি সমালোচকৰ পৰা মিশ্ৰিত মন্তব্য লাভ কৰিছিল। ছবিখনৰ কাহিনী তথা “ব’ল্ড” সংলাপৰ বাবে জনসাধাৰণৰ কাষ চাপিছিল এই ছবিখনে। এনেক্ষেত্ৰতে, এই ছবিখনৰ এতিয়া দ্বিতীয়টো সংস্কৰণে মুক্তি লাভ কৰিব বুলি বিভিন্ন ৰিপোৰ্ট যোগে জনোৱা হৈছিল যদিও এই কথাত মোহৰ লগায় অভিনেত্ৰী কৰীণা কাপুৰেও। পূৰ্বৰ সংস্কৰণটোক সোণম কাপুৰৰ ভনীয়েক ৰিয়া কাপুৰে প্ৰযোজনা কৰিছিল। ইয়াৰ লগতে, উল্লেখনীয় কথা যে কৰীণা কাপুৰকে আৰম্ভ কৰি সোণম কাপুৰ, স্বৰা ভাস্কৰ আৰু শিখা তলসানিয়াক লৈয়ে এইবাৰো ছবিখনৰ চিকুৱেল নিৰ্মাণ কৰা হ’ব। কিন্তু, ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব কৰীণা কাপুৰৰ প্ৰসৱৰ পিছতহে। এক সাক্ষাৎকাৰ যোগে পূৰ্বৰে পৰা ছবিখনক লৈ উৎসাহী হৈ থকা বুলি ব্যক্ত কৰিছিল অভিনেত্ৰী কৰীণা কাপুৰে।

কৰীণা কাপুৰৰ প্ৰসৱৰ পিছতহে শ্বুটিং হ'ব “বীৰে ডি ৱেডিংগ” ৰঃ 2
কৰীণা কাপুৰৰ প্ৰসৱৰ পিছতহে শ্বুটিং হ'ব “বীৰে ডি ৱেডিংগ” ৰঃ 3


বৰ্তমান “বীৰে ডি ৱেডিং” নিজৰ প্ৰি-প্ৰডাকচনত থকাৰ উপৰিও ছবিখনৰ প্ৰথমটো সংস্কৰণৰ প্ৰযোজক ৰিয়া কাপুৰো এই ছবিখনক লৈ ব্যস্ত হৈ পৰিছে। কৰীণাই এক সাক্ষাৎকাৰ যোগে কৈছিল যে, “ছবিখনৰ প্ৰথমটো সংস্কৰণত মই বহু স্ফূৰ্তি কৰিছিলো আৰু এই স্ফূৰ্তি মই পুনৰ বাৰ কৰিব খুজিম”। এতিয়া লক্ষণীয় এয়াও হ’ব যে, কৰীণা কাপুৰে প্ৰসৱৰ কিমান দিন পিছত এই ছবিখনৰ আৰম্ভ কৰিব শ্বুটিং। শেহতীয়াকৈ “লাল সিং চড্ডা” ৰ শ্বুটিং সম্পূৰ্ণ কৰিছিল অভিনেত্ৰী কৰীণাই। শ্বুটিং ছেটৰ পৰা বিভিন্ন খন ফটোও শ্বেয়াৰ কৰিছিল অভিনেত্ৰী গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform