Rupaliparda.com
"ঘোঁৰাপাক" ৰ বাবে অপেক্ষাৰত জনসাধাৰণঃ চিন্ময় বাৰ্মাই আৰম্ভ কৰিছে "Crowd Funding" 1

“ঘোঁৰাপাক” ৰ বাবে অপেক্ষাৰত জনসাধাৰণঃ চিন্ময় বাৰ্মাই আৰম্ভ কৰিছে “Crowd Funding”

একোখনকৈ সুন্দৰ চুটি ছবিয়ে বৰ্তমান সময়ত লাভ কৰা প্ৰাধান্য আমি সকলোৱে লক্ষ্য কৰিছো। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত এখন বহু প্ৰত্যাশিত চুটি ছবিৰ ট্ৰেইলাৰে প্ৰত্যেককে উৎসাহিত কৰি তুলিছিল। এগৰাকী নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ ন-সৃষ্টি “ঘোঁৰাপাক”; সম্পূৰ্ণ চুটি ছবিখন নিৰ্মাণৰ পূৰ্বেই ইয়াৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে যে বৰ্তমান ইয়াক লৈ অপেক্ষাৰত প্ৰতিজন মনোৰঞ্জন প্ৰেমী দৰ্শক। এইখিনিতে, আপোনালোকক জনাওঁ যে চিন্ময় বাৰ্মাই এই চুটি ছবিখন নিৰ্মাণৰ বাবে “Crown Funding” ৰ পদ্ধতি হাতত লৈছে। “ঘোঁৰাপাক” ৰ প্ৰস্তুতকৰণৰ বাবে প্ৰায় ৫০ হাজাৰ টকাৰ প্ৰয়োজন হ’ব পৰিচালকগৰাকীক; চুটি ছবিখনৰ বাবে আগ্ৰহী একাংশ জনসাধাৰণে আচলতে ইতিমধ্যে ছবিখনৰ বাবে কিছু অংকৰ টকা পৰিচালক গৰাকীক প্ৰদানৰ ব্যৱস্থা কৰিছে। গতিকে, ৰূপালীপৰ্দা পেজটোৰ পৰাও আমাৰ সৈতে জড়িত প্ৰতিজন পঢ়ূৱৈক নৱপ্ৰজন্মৰ এই ব্যতিক্ৰমী সৃষ্টিত সহায় আগবঢ়াবলৈ আহ্বান জনাইছো।

"ঘোঁৰাপাক" ৰ বাবে অপেক্ষাৰত জনসাধাৰণঃ চিন্ময় বাৰ্মাই আৰম্ভ কৰিছে "Crowd Funding" 2

আহিবলগীয়া “ঘোঁৰাপাক” ছবিখন এইবাবেই ব্যতিক্ৰম ৰূপে পৰিগণিত কৰা হৈছে কিয়নো চুটি ছবিখনৰ বিষয়বস্তুটোৱে হৈছে ব্যতিক্ৰমী; এই চুটি ছবিখনত সন্নিৱিষ্ট কৰা হৈছে লোককথাৰ কিছু কাহিনীক। “খোপাঁধৰা”, “যখিনী” আদিৰ লগতে “ঘোঁৰাপাক” কাহিনীও জনসাধাৰণৰ মুখে মুখে প্ৰচলিত। ট্ৰেইলাৰটোৰ পৰাই এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যে চুটি ছবিখনে ৰোমাঞ্চিত কৰিবলৈ সক্ষম হ’ব সৰুৰ পৰা বৃদ্ধ দৰ্শকলৈ। “ঘোঁৰাপাক” এনে এটা ভূত যাৰ আধা অংশ মনুষ্যৰ আৰু আধা অংশ ঘোঁৰাৰ থাকে। সি কেতিয়াবা মানৱ ৰূপো লৈ পেলায় আৰু কোনো এজন সূস্থ মনুষ্যক নিজ আগ্ৰাসনত লৈ পেলায়। নদীৰ পাৰ অথবা পুখুৰীৰ পাৰত ইয়াক দেখিবলৈ পোৱা যায়; সকলোৰে নামৰ সৈতে অৱগত “ঘোঁৰাপাকে” মাছ খাবলৈ ভাল পায়। এই আটাইবোৰ কাহিনীক একত্ৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “ঘোঁৰাপাক”।

https://l.facebook.com/l.php?u=https%3A%2F%2Fwww.wishberry.in%2Fcampaign%2Fghorapak%3Ffbclid%3DIwAR3nGWtzaQkdHSl8PxKEusRf0K_F_I7Egkc6cvllbEaUOsvnO66BwPr1A6c&h=AT1VsJU-LIjrTHE978LLFfTx0Njdr5IYa8wcU-YW-JD2sCmkHe-3oO3QdZPk10u8D9Iy5ah5mc4ynBDX1N6cmHyNOc6-flpu_wBlDzGLJm38iAAK4bhPp-TWQY7c_l35CdAjfpFzzw1DPTZfaoia6Q

"ঘোঁৰাপাক" ৰ বাবে অপেক্ষাৰত জনসাধাৰণঃ চিন্ময় বাৰ্মাই আৰম্ভ কৰিছে "Crowd Funding" 3

আনহাতে, চুটি ছবিখনৰ বাবে এগৰাকী ৪০ ৰ উৰ্দ্ধৰ অভিনেতাৰ প্ৰয়োজন। এই অভিনেতা গৰাকীৰ বাবেও বিচাৰ আৰম্ভ কৰিছে পৰিচালক গৰাকীয়ে। লগতে ইয়াত অভিনীত আন দুই চৰিত্ৰত অভিনয় কৰিব দৰথী ভৰদ্বাজ আৰু প্ৰয়াস শৰ্মা তামুলীয়ে। চুটি ছবিখনক লৈ ইতিমধ্যে অসমীয়া ছবি জগতৰো কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। নলবাৰী স্থিত চিন্ময় বাৰ্মাৰ কনচেপ্টে জনসাধাৰণক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চিন্ময় বাৰ্মাৰ দ্বাৰা পূৰ্বে পৰিচালিত চুটি ছবি “মৰমে ৰিঙিয়ায়” শেহতীয়াকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হৈ জনসাধাৰণৰ প্ৰশংসা লাভ কৰাত সক্ষম হৈছে। বৰ্তমানৰ দিন কেইটাত নিৰ্মিত একোখন চুটি ছবিয়ে পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ অধিক হাৰত লাভ কৰা সমাদৰ উল্লেখনীয়। আগন্তুক দিনত মুক্তি পাবলগীয়া এই চুটি ছবিখনক লৈ অপেক্ষাৰত সকলো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform