Rupaliparda.com
"যান্ত্ৰিক জীৱনত সকলো অকলশৰীয়া"- "12 AM" ত উপস্থাপন জীৱন দৰ্শনঃ 1

“যান্ত্ৰিক জীৱনত সকলো অকলশৰীয়া”- “12 AM” ত উপস্থাপন জীৱন দৰ্শনঃ

“যান্ত্ৰিক জীৱনত সকলো অকলশৰীয়া, কেৱল প্ৰয়োজন জীৱনক চিনি পোৱাৰ”; কথাষাৰে গাঢ় কৰিছেনে নাই বাৰু আপোনাৰ হৃদয়ত? কৰিছে, নহয়নে? কাৰণ, বাস্তৱ জীৱনবোৰৰ ক্ষেত্ৰত এয়া প্ৰত্যেকৰে লগতে প্ৰযোজ্য। Youthz Korner ৰ নিবেদনগ “জীৱন আনপ্লাগ্ড” শীৰ্ষক এখন ৱেব চিৰিজৰ মুকলি কৰা হৈছে দ্বিতীয়টো খণ্ডৰ। ১০ টা খণ্ডযুক্ত এই ৱেব চিৰিজখনৰ প্ৰথমটো খণ্ডৰ বহুল জনপ্ৰিয়তাৰ পিছতেই এইবাৰ এওঁলোকৰ দ্বিতীয়টো খণ্ডয়ো লাভ কৰিছে জনসাধাৰণৰ সমাদৰ। ৱেব চিৰিজখনৰ প্ৰতিটো খণ্ডৰ বাবে সলনি হোৱা অভিনেতা-অভিনেত্ৰী সমূহৰ ভিতৰত এইবাৰৰ খণ্ডটোত অভিনয় কৰিছে কমল লোচন, বিৰিণা চক্ৰৱৰ্তী আৰু মিন্টু বৰুৱাই। যোৱা ৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই ৱেব চিৰিজ খনৰ প্ৰতিটো খণ্ডত আছে জীৱনৰ কিছু সক্ৰিয় তথা বাস্তৱ নিদৰ্শন। জীৱন-যাপনৰ ধাৰাৰ কিছু ওপৰ-তল হোৱা সমীকৰণবোৰক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে “জীৱন আনপ্লাগ্ড” ৰ খণ্ড। সদ্যমুক্তিপ্ৰাপ্ত “12 AM” শীৰ্ষক এই খণ্ডটোৰ পৰিচালনা আৰু সম্পাদনা অনুপ্ৰাস দত্তৰ আৰু ইয়াৰ ৰচনা পাৰ্থ গোস্বামীৰ। ৫ মিনিট দৈৰ্ঘ্যতে সম্প্ৰতি সময়ৰ মানৱ জীৱনৰ এখন জীঁয়া ছবিক প্ৰতিফলিত কৰা উক্ত খণ্ডটোত একাংশ নৱপ্ৰজন্মৰগ প্ৰচেষ্টা সঁচাকৈ আদৰণীয়।


“12 AM” শীৰ্ষক এই খণ্ডটোৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল অনুপ্ৰাস দত্ত আৰু জগদীশ দাস। এনিমেশ্বন সৌৰভ হাজৰিকাৰ, গ্ৰাফিক্স সাগৰিকাৰ লগতে চাবটাইটেল নিবিড় মৃদুতা কোঁৱৰৰ। কমল লোচনৰ অভিনয়ৰ চৰ্চা হৈ থকা সময়ছোৱাতে তেওঁ অভিনীত একোটা প্ৰকল্পই বাৰুকৈয়ে টানিবলৈ সক্ষম হৈছে জনসাধাৰণক। কম দৈৰ্ঘ্যৰ ভিতৰত একোটা সুন্দৰ কাহিনীক উপস্থাপন কৰা ক্ষেত্ৰত নৱপ্ৰজন্মৰ এনে প্ৰচেষ্টা সঁচাকৈ উল্লেখনীয়। “লক-ডাউনে” যদিও দেশত বিভিন্ন জনৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি কৰিছে তাতেই আকৌ একাংশৰ মাজত ই সৃষ্টিশীল মানসিকতাৰো সৃষ্টি কৰিছে।

"যান্ত্ৰিক জীৱনত সকলো অকলশৰীয়া"- "12 AM" ত উপস্থাপন জীৱন দৰ্শনঃ 2


এই দুই খণ্ডৰ পিছতেই Youthz Korner ৰ নিবেদনত নিৰ্মিত “জীৱন আনপ্লাগ্ড” ৰ প্ৰতিটো খণ্ডৰ বাবে বৰ্তমান অপেক্ষাৰত সকলো। নৱপ্ৰজন্মৰ সৃষ্টি তথা বিষয়বস্তুত আছে এতিয়া নতুনত্ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform