Rupaliparda.com
১৭ বছৰীয়া ৰণি ফাৰহাতৰ আন এক প্ৰচেষ্টাঃ মুক্তি পালে তেওঁৰ কথাৰে "তুমি ব'হাগ মোৰ"- 1

১৭ বছৰীয়া ৰণি ফাৰহাতৰ আন এক প্ৰচেষ্টাঃ মুক্তি পালে তেওঁৰ কথাৰে “তুমি ব’হাগ মোৰ”-

১৭ বছৰ বয়সতে ইটোৰ পিছত সিটো গীতেৰে অসমীয়া সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হ’বলৈ চেষ্টা অব্যাহত ৰখা ৰণি ফাৰহাতৰ কথাৰে শেহতীয়াকৈ মুক্তি লাভ কৰা “তুমি ব’হাগ মোৰ” য়ে লাভ কৰিছে সংগীত প্ৰেমী শ্ৰোতাৰ সমাদৰ। এক সাক্ষাৎকাৰ যোগে ৰণি ফাৰতাহে নিজেই কৈছিল যে, “সংগীত ক্ষেত্ৰখনত মোৰ এতিয়ালৈ কোনোধৰণৰ লেখত ল’বলগীয়া অৱদান নাই। তথাপিও এতিয়াৰ পৰা আগন্তুক সময়লৈ যি যি সৃষ্টি কৰিম তাৰ দ্বাৰা যাতে মই অসমীয়া ৰাইজ লগতে সংগীতপ্ৰেমী সকললৈ ভাল ভাল অৱদান দিব পাৰো তাৰ চেষ্টা অব্যাহত ৰাখিম। মোৰ নিজস্ব বয়সনুযায়ী যিমান খিনিলৈ বুজিব পাৰো বা কৰিব পাৰো সিমানখিনিলৈ মই কৰিবলৈ প্ৰয়াস কৰিছো।” এগৰাকী অসম সন্তান ৰূপে অসমীয়া সংগীত সমূহক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰাৰ চূড়ান্ত হেঁপাহে এই নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীক জনসাধাৰণৰ ওচৰত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। সদ্যমুক্তিপ্ৰাপ্ত “তুমি ব’হাগ মোৰ” শীৰ্ষক এই গীতটিত কন্ঠদান কৰিছে অভিনৱ হাজৰিকাই আৰু ইয়াত সংগীত ৰূপ আৰু হিমাংশুৰ। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে শান্তনু শইকীয়া আৰু কস্তুৰী নাথে।

১৭ বছৰীয়া ৰণি ফাৰহাতৰ আন এক প্ৰচেষ্টাঃ মুক্তি পালে তেওঁৰ কথাৰে "তুমি ব'হাগ মোৰ"- 2


ভিডিঅ’টোৰ পৰিচালনা আৰু সম্পাদনা শান্তনু দত্তৰ। বৰ্তমান পৰিপ্ৰেক্ষিতৰ প্ৰতিভাশালী নৱপ্ৰজন্মৰ ভিতৰত এগৰাকী হৈছে ৰণি ফাৰহাত। পৰিয়ালত সাংগীতিক পৰিৱেশ লাভ নকৰিলেও আচলতে ৰণি ফাৰতাহৰ এনে প্ৰচেষ্টা উল্লেখনীয়। মনোৰঞ্জন এনে এক বস্তু; যি কেতিয়াও থমকি নৰয়। প্ৰতিটো বস্তুত বিৰাম লাগিলেও আচলতে এই ক্ষেত্ৰখনত কোনোদিন বিৰাম নালাগে; সেইবাবেই হয়টো এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিতও হৈ বিভিন্ন জন। সৰুৰ পৰাই এটা গীত শিকি লৈ দৰ্শকৰ মাজত উপস্থাপন কৰি পোৱা হাত চাপৰিয়ে জনা নোহোৱাৰ পৰাই এই ক্ষেত্ৰখনৰ প্ৰতি শ্ৰদ্ধাৰ সৃষ্টি কৰি আহিছে। কম বয়সতে সংগীত ক্ষেত্ৰখনক লৈ অযুত সপোন দেখা এগৰাকী শিল্পী হৈছে ৰণি ফাৰহাত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform