Rupaliparda.com
কৰণ জহৰৰ পাৰ্টী আছিল "ড্ৰাগছ মুক্ত"; ঘোষণা তদন্তকাৰী বিষয়াৰঃ 1

কৰণ জহৰৰ পাৰ্টী আছিল “ড্ৰাগছ মুক্ত”; ঘোষণা তদন্তকাৰী বিষয়াৰঃ

বলীউড ক্ষেত্ৰখনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত সক্ৰিয় হৈ পৰিছে ড্ৰাগছৰ বিষয়টো। সমগ্ৰ ঘটনাটো সন্দৰ্ভত আচলতে নামো সাঙুৰ খাইছিল বিভিন্ন জনপ্ৰিয় তাৰকাৰ। এইখিনিতে, ড্ৰাগছ লোৱা নোলোৱা ক্ষেত্ৰত অন্তৰ্ভূক্ত হৈছিল ২০১৯ চনত কৰণ জহৰৰ বাসগৃহত হোৱা পাৰ্টীটো। এই পাৰ্টীটোত উপস্থিত প্ৰতিজন তাৰকাই ড্ৰাগছ লোৱা বুলি আৰোপ লগোৱা হৈছিল আৰু পাৰ্টীত উপস্থিত প্ৰতিজনক সমালোচনাও কৰা হৈছিল চচিয়েল মিডিয়াত। কিন্তু শেহতীয়াকৈ এই আটাইবোৰ সমালোচনাক উফৰাই ফৰেঞ্চিক চাইন্স লেবৰটেৰীৰ অধিকাৰী সকলে কৰণ জহৰ পাৰ্টীটোত কোনোধৰণৰ ড্ৰাগছ ব্যৱহাৰ কৰা হোৱা নাছিল বুলি ইতিমধ্যে ঘোষণা কৰিছে। পাৰ্টীৰ ভিডিঅ’টোৰ কোনোবাখিনি অংশত দেখিবলৈ পোৱা বগা আঁচডাল ড্ৰাগছ নহয় তথা তাত উপস্থিত কোনোজনেই যে ড্ৰাগছ সেৱন কৰা নাছিল সেই কথাৰ ক্লিন ছিট দিছে তদন্তকাৰী বিষয়াই। বিগত বৰ্ষত হোৱা এই পাৰ্টীটোত উপস্থিত থকা তাৰকা কেইজন আছিল ক্ৰমে ৰণৱীৰ কাপুৰ, দীপিকা পাডুকন, বিকি কৌশল, মালাইকা আৰোৰা আদিকে ধৰি কেইবাগৰাকীও।

কৰণ জহৰৰ পাৰ্টী আছিল "ড্ৰাগছ মুক্ত"; ঘোষণা তদন্তকাৰী বিষয়াৰঃ 2
কৰণ জহৰৰ পাৰ্টী আছিল "ড্ৰাগছ মুক্ত"; ঘোষণা তদন্তকাৰী বিষয়াৰঃ 3


আচলতে এই বিষয়ত কেইবাবাৰো নিজ স্পষ্টীকৰণ কৰণ জহৰে নিজেই দাঙি ধৰিছিল। তেওঁ কৈছিল যে, “মানে আপোনালোকৰ মতে কোনো লোকে নিজৰ নাকটোও খজুৱাব নোৱাৰে আৰু ফোনটো নিজৰ পিছৰটো পকেটতো সোমাই থ’ব নোৱাৰে।” আকৌ তেওঁ কৈছিল যে, “কাৰোবাৰ ওপৰত পৰা পোহৰটো যদি পাউদাৰ দৰে হয় তেতিয়াহ’লে তাত ভুল কি? এই পাৰ্টীত এনেবোৰ লোক আছিল যিয়ে গোটেই সপ্তাহটো কষ্ট কৰি কিছু ভাল সময় কটাবলৈ আহিছিল। মই ভালকৈ ভিডিঅ’ প্ৰস্তুত কৰিছিলো আৰু ইয়াত যদি কিবা ভুল থাকিল হৈ মই জানো ইয়াক শ্বেয়াৰ কৰিলো হয়? মই ইমানো মূৰ্খ নহয়।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.