Rupaliparda.com
সমালোচনা হৈছিল যদিও ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা বৃদ্ধিঃ আলিয়া ভাটৰ ধন্যবাদ জ্ঞাপন- 1

সমালোচনা হৈছিল যদিও ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা বৃদ্ধিঃ আলিয়া ভাটৰ ধন্যবাদ জ্ঞাপন-

চচিয়েল মিডিয়াত সক্ৰিয় বলীউড অভিনেত্ৰী আলিয়া ভাটে ইনষ্টাগ্ৰামত সম্পূৰ্ণ কৰিলে ৫০ মিলিয়ন অনুৰাগী। তেওঁ ইনষ্টাগ্ৰামত এক পোষ্ট যোগে তেওঁৰ এই আটাইবোৰ অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত আলিয়া ভাটক চচিয়েল মিডিয়াত বহুল ৰূপত ট্ৰোল কৰা হৈছিল। কিন্তু শেহতীয়াকৈ তেওঁৰ একাউন্টত ফল’ৱাৰ্চৰ সংখ্যা বৃদ্ধি পোৱাত নিজ সুখ ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে। তেওঁ কয় যে, “আজি প্ৰশংসাৰ দিন; মই মোৰ পৰিয়াল, বন্ধু আদিকে ধৰি প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ বাবেই মই আজি ৫০ কোটি লোকৰ মৰম লাভ কৰিছো। মই বিগত কেইমাহত যথেষ্ট কথা উপলদ্ধি কৰিছো। চচিয়েল মিডিয়াই আমাক সংযুক্ত কৰে, আমাক উৎসাহিত কৰে, কিন্তু আচলতে ই মানৱ নহয়। মই তেতিয়াও আজিৰ দৰেই সুখী আছিলো যেতিয়া মোৰ ৫, ১০, ৫০ হাজাৰ অনুৰাগী আছিল। মই অইনৰ সৈতে সম্পৰ্ক স্থাপনত বিশ্বাস ৰাখো। সম্পৰ্ক বোৰৰ গুৰুত্ব যথেষ্ট বেছি; আৰু ইয়াতকৈ অধিক নিজক নিজৰ সৈতে সংযুক্ত কৰি ৰখাৰ প্ৰয়োজন আছে।”

সমালোচনা হৈছিল যদিও ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা বৃদ্ধিঃ আলিয়া ভাটৰ ধন্যবাদ জ্ঞাপন- 2

https://www.instagram.com/p/CGunydUMH3t/?utm_source=ig_web_copy_link

সমালোচনা হৈছিল যদিও ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা বৃদ্ধিঃ আলিয়া ভাটৰ ধন্যবাদ জ্ঞাপন- 3


অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “কোনো এজন ব্যক্তিৰ লাইক অথবা ডিসলাইকে আপোনাৰ জীৱনৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। মই বিচাৰো যে আপোনালোকে নিজৰ প্ৰশংসা কৰক, নিজৰ আত্মাৰ প্ৰশংসা কৰক। কোনো ধৰণৰ লাইক, ডিসলাইকে আপোনাৰ আত্মাক নিজৰ পৰা আঁতৰ কৰি নোৱাৰে।” উক্ত কথাখিনিৰ দ্বাৰা আলিয়া ভাটে যদিও অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে কিন্তু ইয়াৰ লগতে যে তেওঁক সমালোচনা কৰা সকলৰ ওপৰতো নিজ খং ব্যক্ত কৰে সেয়া প্ৰায়ে নিশ্চিত হৈ পৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform